আন্তঃৰাষ্ট্ৰীয়

চীন অভিমুখে ৰাওনা শ্বেখ হাছিনাঃ ২২খন বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢাকাঃ সোমবাৰে (৮ জুলাই) চীন ভ্ৰমণলৈ যাব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। আজি পুৱা ১১ বজাত বাংলাদেশৰ বিশেষ বিমানেৰে বেইজিংলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী হাছিনা। ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত ২২খন বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভ্ৰমণৰ সময়ত ভাৰতৰ স্বাৰ্থ বিঘ্নিত হ’লে বাংলাদেশে চীনৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে। ভাৰতক আস্থাত ৰাখি চীনৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব বাংলাদেশে।

শ্বেখ হাছিনাৰ ভ্ৰমণ সন্দৰ্ভত দেওবাৰে বৈদেশিক মন্ত্ৰী ড. হাছান মাহমুদে কয় যে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙৰ আমন্ত্ৰণত ৮ জুলাইৰ পৰা ১১ জুলাইলৈ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলটোৱে বেইজিং ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত পথ, আন্তঃগাঁথনি উন্নয়ন, অৰ্থনৈতিক খণ্ডত সহায়, স্বাস্থ্য খণ্ডকে ধৰি প্ৰায় ২২ টা বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। শ্বেখ হাছিনাৰ এই ভ্ৰমণৰ সময়ত কিছু প্ৰকল্পৰ কথাও ঘোষণা কৰা হ’ব।

মঙলবাৰে (৯ জুলাই) পুৱা এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ সভাপতি জিন লিকুনৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰিব শ্বেখ হাছিনাই। সেইদিনা ছাং-গ্ৰি-লা চাৰ্কলত অনুষ্ঠিত বাংলাদেশ আৰু চীনৰ মাজত বাণিজ্য, ব্যৱসায় আৰু বিনিয়োগৰ সুযোগ সন্মিলন শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত অংশগ্ৰহণৰ বাবে বাংলাদেশৰ পৰা এটা ব্যৱসায়িক প্ৰতিনিধি দলে চীন ভ্ৰমণ কৰিব।

বিয়লি চীনৰ জনসাধাৰণৰ ৰাজনৈতিক পৰামৰ্শদাতা সন্মিলনৰ চতুৰ্দশ ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষ শ্ৰীযুত ড. ৱাং হানিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী হাছিনাই। বিয়লি শ্বেখ হাছিনাই পৰম্পৰাগত তিয়ানমেন চৌহদত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ উপৰিও নিশা বেইজিঙত বাংলাদেশ দূতাবাসে আয়োজন কৰা ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব।

এই ভ্ৰমণৰ তৃতীয় দিন অৰ্থাৎ বুধবাৰে (১০ জুলাই) প্ৰধানমন্ত্ৰীয়ে গ্ৰেট হল অৱ দ্য পিপলত চীনৰ ৰাজ্যিক পৰিষদৰ প্ৰধানমন্ত্ৰী লি কিয়াঙক সাক্ষাৎ কৰিব। একে স্থানতে ৰাজ্য পৰিষদৰ চীনা প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক বৈঠকত বৈঠকত মিলিত হ’ব। ইয়াৰ পিছত দুয়োখন দেশৰ চৰকাৰৰ মুৰব্বীৰ উপস্থিতিত প্ৰায় ২২টা বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব পাৰে আৰু কিছু প্ৰকল্প ঘোষণা কৰা হ’ব।

তেওঁ বুধবাৰে বিয়লি গ্ৰেট হল অৱ দ্য পিপলত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। পিছত বাংলাদেশ আৰু চীনে যৌথ বিবৃতি প্ৰকাশ কৰিব।

বৈদেশিক মন্ত্ৰীয়ে কয় যে যদি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বেইজিং ভ্ৰমণৰ সময়ত চীনে তীষ্টা বহুমুখী প্ৰকল্পৰ বিষয়টো উত্থাপন কৰে তেন্তে ইয়াৰ ওপৰত আলোচনা কৰা হ’ব।

তেওঁ লগতে কয় যে, তীস্তা নদী ভাৰত আৰু বাংলাদেশৰ যুটীয়া নদী। এই যৌথ নদী ব্যৱস্থাপনাৰ বাবে ভাৰতে এটা প্ৰস্তাৱ আগবঢ়াইছে। একে সময়তে ভাৰতে কাৰিকৰী দল এটা প্ৰেৰণ কৰিব বুলিও কয়। আমাৰ কাৰিকৰী দলৰ সৈতে মিলি তেওঁলোকে নিৰ্ধাৰণ কৰিব তাত কি কৰিব লাগিব।