১৫ বছৰত ১৫ লাখ কোটিতকৈ অধিক ঋণ লৈছিল হাছিনাইঃ এৰা নাছিল বিলাসীতা... 
আন্তঃৰাষ্ট্ৰীয়

১৫ বছৰত ১৫ লাখ কোটিতকৈ অধিক ঋণ লৈছিল হাছিনাইঃ এৰা নাছিল বিলাসীতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে দেশ এৰি পলায়ন কৰা শ্বেইখ হাছিনাই ৰক্ষা পালে যদিও আৱামী লীগৰ বহু কেইজন নেতাক বিমান বন্দৰতে আটক কৰাৰ লগতে আন বহু কেইজন প্ৰতিবাদকাৰীৰ হাতত মৃত্যু হৈছে। বহু স্থানত উদ্ধাৰ হৈছে আৱামী লীগৰ নেতাৰ মৃতদেহ।

আৱামী লীগৰ চৰকাৰ বাংলাদেশত পতন হোৱাৰ পাছতে এতিয়া অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তুতি চলিছে। এই চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’ব মহম্মদ ইউনুছে। এইগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদে বাংলাদেশৰ অস্থিৰ পৰিবেশক কিদৰে নিয়ন্ত্ৰণলৈ আনে সেয়া হ’ব লক্ষ্যণীয়।

সমান্তৰালকৈ মহম্মদ ইউনুছৰ বাবে আন এক প্ৰত্যাহ্বান হিচাপে থিয় দিব বাংলাদেশৰ অৰ্থনীতি। আৱামী লীগৰ ১৫ বছৰীয়া শাসনত চৰকাৰে ১৫ লাখ কোটিৰো অধিক টকা ঋণ লৈছে।

দেশৰ আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন বৈদেশিক সংস্থা, বিদেশ ৰাষ্ট্ৰৰ পৰা এইদৰে ঋণ লৈছিল যদিও সমান্তৰালকৈ শাসকীয় পক্ষই এই সময়ছোৱাত অবাধ দুৰ্নীতি আৰু কেলেংকাৰীত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে।

বৰ্তমান বাংলাদেশৰ ঋণ হৈছে ১৮ লাখ ৩৫ হাজাৰ কোটি টকা। আৱামী লীগ ক্ষমতালৈ অহাৰ সময়ত দেশখনৰ ঋণৰ পৰিমাণ আছিল ২ লাখ ৭৬ হাজাৰ ৮৩০ কোটি। ২০০৯ চনত হাছিনা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ সময়ত দেশখনৰ ঋণ ১৮ লাখ ৩৫ হাজাৰ কোটিলৈ বৃদ্ধি পালে।

১৫ বছৰত আৱামী লীগ চৰকাৰে ঋণ ললে ১৫ লাখ ৫৮ হাজাৰ ২০৬ কোটি টকা। দেশনৰ মুঠ ঋণৰ ৮৫ শতাংই ১৫ বছৰত আৱামী লীগ চৰকাৰে লৈছে। দেশৰ উন্নয়নৰ নামত এই ধন ঋণ হিচাপে লৈছিল যদিও চৰকাৰৰ প্ৰতিজন নেতাই উন্নয়নৰ ধন অবাধে লুণ্ঠন চলোৱাত নামি পৰিছিল।

দেশখন এনেদৰে ঋণত ডুবি থকাৰ পিছতো শ্বেইখ হাছিনাই বিলাসীতা এৰা নাছিল। শেষ মুহূৰ্তত তেওঁ দেশ ত্যাগ কৰাৰ সময়ত যিখন বিমান ব্যৱহাৰ কৰিছিল সেই বিমানখনো আছিল অতি উন্নত প্ৰযুক্তিৰে সম্পন্ন।

বিশ্বৰ ভিতৰত এক উল্লেখযোগ্য এই বিমানখন। ঋণগ্ৰস্ত দেশৰ জনতালৈ পিঠি দি এইদৰে বিলাস ভ্ৰমণ কৰিবলৈ বিশেষভাৱে তৈয়াৰ কৰা হৈছিল এই বিমানখন। তেওঁ ব্যৱহাৰ কৰ এই বিমানখন এখন সামৰিক বিমান।

চি-১৩০ জে হাৰকিউলিছ নামৰ এই বিমানখন নিৰ্মাণ কৰিছিল আমেৰিকান কোম্পানী লকহিড মাৰ্টিনে। চি-১৩০ জে এই হেলিকপ্টাৰখন হাৰকিউলিছৰ নৱতম সংযোজন আৰু এক বিশেষ মডেল।

লকহিড মাৰ্টিনে এতিয়ালৈকে ২০  খনতকৈও অধিক দেশক ৫০০ তকৈও অধিক চি-১৩০ জে হাৰকিউলিছ বিমান বিক্ৰী কৰিছে। এই বিমানখন বেছিভাগ উচ্চ-স্তৰৰ সেৱাৰ বাবে ব্যৱহাৰ কৰা হয়। চাৰিটা ইঞ্জিন যুক্ত এই বিমানখন এখন মিলিটেৰী কাৰ্গো প্লেন।

এই বিমানখন এয়াৰলিফ্ট, অনুসন্ধান, উদ্ধাৰ কাৰ্য, ইন্ধন ভৰ্তি অভিযান আদিত ব্যৱহাৰ কৰিব পাৰি। ২০ লাখতকৈ অধিক ঘণ্টা উৰিব পৰা এই বিমানখন এতিয়ালৈকে ডিজাইন কৰা চি-১৩০ জে হাৰকিউলিছৰ শ্ৰেষ্ঠ মডেল।২০,২২৭ কিলোগ্ৰাম ওজনৰ এই বিমানখনে ২৬ হাজাৰ ফুট উচ্চাতালৈ উৰিব পাৰে। ঘণ্টাত এই বিমানখনৰ সৰ্বোচ্চ গতিবেগ ৪১০ মাইল।  

এই বিমানখনৰ প্ৰকৃত মূল্য এতিয়া জানিব পৰা নাযায় যদিও বহু কোটি টকা যে হ'ব সেয়া নিশ্চিত। কিয়নো বিমানখনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে বহু কেইখন দেশক এই হেলিকপ্টাৰ বিক্ৰী কৰিছে যদিও সকলোৰে মূল্য ভিন ভিন নিৰ্ধাৰণ কৰিছে। তথাপিও এই বিমানখনৰ বৰ্তমানৰ নূন্যমত মূল্য ৭০ মিলিয়ন ইউ এছ ডলাৰ বুলি জানিব পৰা গৈছে।

এই হেলিকপ্টাৰখনৰ বিষয়ে চৰ্চা হোৱাৰ লগে লগে এতিয়া বাংলাদেশৰ অৰ্থনীতি আৰু ঋণৰ কথাও চৰ্চালৈ আহিছে। ঋণ লৈ বিলাসীতাত লিপ্ত হৈছিল বুলি হাছিনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।