আন্তঃৰাষ্ট্ৰীয়

আজি আকাশত দৃশ্যমান হ’ব ‘ছুপাৰ ব্লুমুন’

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি ৰাখী পূৰ্ণিমা। আজিৰ এই পবিত্ৰ দিনটোত আকাশত দৃশ্যমান হ’ব বিৰল ‘ছুপাৰ ব্লুমুন।‘

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সদৰী কৰা মতে সোমবাৰৰ পৰা বুধবাৰলৈকে আকাশত দৃশ্যমান হ’ব ছুপাৰ ব্লুমুন। উল্লেখযোগ্য যে পূৰ্ণিমাৰ দিন পৃথিৱীৰ সম্ভৱপৰ আটাইতকৈ ওচৰলৈ অহাৰ সময়ত দেখা চন্দ্ৰ বা জোনবাইক ‘ছুপাৰ ব্লুমুন’ বুলি কোৱা হয়। এই ৩দিনত চন্দ্ৰটো আনবোৰ দিনতকৈ ৩০ শতাংশ অধিক উজ্জ্বল ৰূপত দেখা পোৱা যাব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ছুপাৰ ব্লুমুন এই শব্দটো ১৯৮৯ চনত ৰিচাৰ্ছ ন’লে নামৰ জ্যোতিৰ্বিজ্ঞানীগৰাকীয়ে সৃষ্টি কৰিছিল।