ভাৰ্ছুৱেল যুদ্ধক্ষেত্ৰ 'টেলিগ্ৰাম'ৰ CEO ক ফ্ৰান্সত গ্ৰেপ্তাৰ... 
আন্তঃৰাষ্ট্ৰীয়

ভাৰ্ছুৱেল যুদ্ধক্ষেত্ৰ 'টেলিগ্ৰাম'ৰ CEO ক ফ্ৰান্সত গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেচেজিং এপ টেলিগ্ৰামৰ মুৰব্বী পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰিলে ফ্ৰান্সৰ আৰক্ষীয়ে। ফ্ৰান্সৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ব্যক্তিগত বিমানেৰে ফ্ৰান্সৰ বুৰ্গেট বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে মেচেজিং এপ টেলিগ্ৰামৰ সৈতে জড়িত অপৰাধৰ বাবে ৩৯ বৰ্ষীয় ডুৰভক ৱাৰেণ্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। পেৰিছ আৰক্ষীৰ জিম্মাত থকা ডুৰভৰ বিৰুদ্ধে আছে বহু কেইটা গুৰুতৰ অভিযোগ।

মন কৰিবলগীয়া যে, ৰাছিয়া, ইউক্ৰেইন আৰু ইয়াৰ দাঁতিকাষৰীয়া দেশসমূহত টেলিগ্ৰাম যথেষ্ট জনপ্ৰিয়। অৱশ্যে ৰাছিয়াই এই এপ ২০১৮ ত নিষিদ্ধ কৰিছিল। টেলিগ্ৰামে ব্যৱহাৰকাৰীৰ তথ্য যোগান ধৰিবলৈ অস্বীকাৰ কৰাৰ বাবে দেশখনত এই এপ নিষিদ্ধ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ২০২১ ত এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল।

এই এপৰ জৰিয়তে যথেষ্ট অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ আছে। টেলিগ্ৰামৰ জৰিয়তেই এই দেশসমূহত অপৰাধে নতুন ৰূপ লোৱাৰো অভিযোগ আছে। আনকি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত টেলিগ্ৰামেও সাৰপানী যোগান ধৰি আহিছে বুলি বিশ্লেষকসকলে অভিযোগ কৰিছে।

দুয়োখন দেশৰ যুদ্ধৰ তথ্যৰ মুখ্য উৎস হৈ পৰিছে টেলিগ্ৰাম। এই এপ মস্কো আৰু কিভৰ শীৰ্ষ বিষয়াসকলেও যথেষ্ট ব্যৱহাৰ কৰি আহিছে। একাংশৰ মতে টেলিগ্ৰাম ৰাছিয়া আৰু ইউক্ৰেইনৰ এক ভাৰ্ছুলেল যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা মতে ফ্ৰান্সত থকা ৰাছিয়াৰ দূতাবাসে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য, ৰাছিয়াৰ যুৱক পাভেল ডুৰভ হৈছে টেলিগ্ৰামৰ সহ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া। তাৰোপৰি তেওঁ আন এক সামাজিক মাধ্যম ভিকেৰো সহ প্ৰতিষ্ঠাপক।

২০২৩ চনত পাভেল ডুৰভৰ নাম ফৰ্বছৰ বিলিয়নাৰৰ তালিকাতো সন্নিৱিষ্ট হৈছিল। ৰাছিয়াত জন্মগ্ৰহণ কৰিলেও ডুৰভ পাৱেলে অৱশ্যে পৰৱৰ্তী সময়ত ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰি টেলিগ্ৰামৰ মুখ্য কাৰ্যালয় ডুবাইলৈ স্থানান্তৰ কৰা বুলিও ফ্ৰান্স আৰু ৰাছিয়াৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।