আন্তঃৰাষ্ট্ৰীয়

মস্কোৰ গুলীচালনাৰ ঘটনা : নিহতৰ সংখ্যা ১১৫গৰাকীলৈ বৃদ্ধি...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শুকুৰবাৰে মস্কোৰ ক্ৰকাছ চিটি নামৰ কনচাৰ্ট হলত সংঘটিত গুলীচালনাৰ ঘটনাত বৃদ্ধি পাইছে নিহতৰ সংখ্যা। সন্ত্ৰাসবাদী গোটৰ ৫জন অস্ত্ৰধাৰী সদস্যই হঠাতে হলটোৰ ভিতৰত প্ৰৱেশ কৰি তীব্ৰ গুলীচালনা কৰিছিল। ইয়াৰ ফলত নিহতৰ সংখ্যা ১১৫ গৰাকীলৈ বৃদ্ধি পায়। ইয়াৰোপৰি ১১০গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে শনিবাৰে সন্ত্ৰাসবাদী সংগঠন আই এছ আই এলে মস্কোৰ ক্ৰকাছ চিটি হলত সংঘটিত ঘটনা সন্দৰ্ভত স্বীকাৰোক্তি দিছে। এখন বগা গাড়ীৰে আহি হলটোৰ ভিতৰত প্ৰৱেশ কৰিছিল ৫জনকৈ সন্ত্ৰাসবাদী গোটটোৰ সদস্যই। গুলীচানাৰ ঘটনা সংঘটিত কৰিয়েই আটাইকেইগৰাকী ধৃতই সোঁশৰীৰে পলাই যাবলৈও সক্ষম হৈছিল।

এই অনাকাঙ্খিত ঘটনা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দুখ প্ৰকাশ কৰে আৰু ক্ষীপ্ৰ তদন্তৰ বাবে নিৰাপত্তা বাহিনীক দায়িত্ব পালনৰ বাবে নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।

ইতিমধ্যে মস্কোৰ মেয়ৰে চলিত সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া সকলো গণ সমাৱেশ বাতিল কৰিছে। মস্কোৰ বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ ইয়াৰোপৰি নিৰাপত্তা বাহিনীয়ে মস্কোৰ সকলো জনবহুল এলেকাত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

উল্লেখ কৰা প্ৰয়োজন যে, চিচি টিভিৰ ফুটেজত সন্ত্ৰাসবাদী সদস্য কেইজনৰ গতি-বিধি, চাল-চলন ধৰা পৰিছে। বৰ্তমানলৈকে সম্পূৰ্ণকৈ চিনাক্ত কৰিব পৰা নাই যদিও শীঘ্ৰেই উচ্চ পৰ্যায়ৰ তদন্তৰ অন্তত আটাইকেইজন ধৰা পৰাৰ সম্ভাৱনা আছে।