সদগুৰুলৈ ২০২৪ বৰ্ষৰ গ্লোবেল ইণ্ডিয়ান বঁটা... 
আন্তঃৰাষ্ট্ৰীয়

সদগুৰুলৈ ২০২৪ বৰ্ষৰ গ্লোবেল ইণ্ডিয়ান বঁটা...

কানাডা ফাউণ্ডেচনে সদগুৰুলৈ আগবঢ়াইছে এই বঁটা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰুলৈ আগবঢ়োৱা হৈছে ২০২৪ চনৰ সন্মানীয় গ্লোবেল ইণ্ডিয়ান বঁটা। উল্লেখ্য যে, কানাডা ইণ্ডিয়া ফাউণ্ডেচন প্ৰতি বছৰে প্ৰদান কৰি আহিছে এই বঁটা।

প্ৰতিবছৰে কানাডা ফাউণ্ডেচনে ভাৰতীয় তথা ভাৰতীয় মূলৰ ব্যক্তিয়ে বিশ্বত এক সুকীয়া স্থান দখল কৰাৰ লগতে ভাৰতক গৌৰৱান্বিত কৰি আহিছে সেইসকলৰ নিৰ্বাচিত ব্যক্তিক এই বঁটাৰে সন্মানিত কৰি আহিছে। সদগুৰুক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ মূলতে হৈছে তেওঁৰ পৰিবেশে সৃষ্টি কৰি অহা প্ৰত্যাহ্বানৰ বিৰুদ্ধে কৰি অহা কামকাজ।

এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে মানৱ চেতনাৰ উন্নতিৰ বাবে তেওঁ বিশ্বজুৰি জনমত গঠন কৰিবলৈ চেষ্টা কৰি আহিছে। সদগুৰুৱে বঁটাৰ সৈতে লাভ কৰা ৫০ হাজাৰ কানাডিয়ান ডলাৰ কাবেৰী কলিং ইনষ্টিটিউটক প্ৰদান কৰিব বুলি জনাইছে।

এই ইনষ্টিটিউটে ভাৰতৰ নদীসমূহ পুৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে। তাৰোপৰি তেওঁ ২৪২ কোটি গছ পুলি ৰোপণ কৰিব বুলিও উল্লেখ কৰিছে।

কানাডা ফাউণ্ডেচনৰ এই বঁটা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি সদগুৰৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বঁটা গ্ৰহণৰ বাবে তেওঁ টৰণ্টোত উপস্থিত হ'ব। এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদো জনাইছে।