আন্তঃৰাষ্ট্ৰীয়

দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল জাপানক : যিকোনো মুহূৰ্ততে আহিব পাৰে ছুনামি !

Asomiya Pratidin

ডিজিটেল ডেস্ক : ইটোৰ পাছত সিটো ভূমিকম্পত কম্পিত জাপান। অতি কমসময়ৰ ব্যৱধাৱনত দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল প্ৰযুক্তিৰ চহৰ জাপানক।

ইয়াৰে প্ৰথমটো আছিল ৭.১ প্ৰাবল্যৰ। দ্বিতীয়টো ৬.৯ প্ৰাবল্যৰ। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কায়তসু দীপৰ পৰা ৪.৪ গভীৰতাত।

ইফালে ভূমিকম্পৰ পাছতে জাপানৰ দক্ষিণ উপকূলত ছুনামিৰ আশংকা কৰিছে বিশেষজ্ঞই। সেয়েহে অঞ্চলটোত সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে। জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

ইতিমধ্যে সাম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা সষ্টম কৰি ৰাখিছে দুৰ্যোগ প্ৰশমন বিভাগে। তাৰোপৰি সতৰ্কবাণী জাৰি কৰা অঞ্চলসমূহৰ বাসিন্দাসকলক ঘৰ খালী কৰি নিৰাপদ স্থানলৈ স্থানন্তৰিত কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে অহা দুয়োটা ভূমিকম্পৰ ফলত দক্ষিণ-পূব উপকূলৰ কিউচু আৰু শিকোকু অঞ্চল কঁপি উঠি আতংকৰ সৃষ্টি কৰে। মিয়াজাকি, কোচি, অইটো, কাগোছিমা আৰু এহিমাৰ অঞ্চলতো সতৰ্কবাণী জাৰি কৰা হৈছে।

মিয়াজাকিৰ সাগৰত ইতিমধ্যে ২০ চেণ্টিমিটাৰতকৈও অধিক ওখত ঢৌ দেখা গৈছে। গতিকে কেইটা অঞ্চলতে ঘৰ খালী কৰা অভিযান ইতিমধ্যেই আৰম্ভ কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে।