ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ আক্ৰমণঃ শিশুসহ ৭ জনৰ মৃত্যু, ৫৯ গৰাকী আহত... 
আন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ আক্ৰমণঃ শিশুসহ ৭ জনৰ মৃত্যু, ৫৯ গৰাকী আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়া ভ্ৰমণ কৰাৰ পাছতে ইউক্ৰেইনো ভ্ৰমণ কৰাত ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অৱসানক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছিল। বহুতেই সন্দেহ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ যুদ্ধ বিৰতিৰ বাৰ্তা লৈ ইউক্ৰেইনত উপস্থিত হৈছে নৰেন্দ্ৰ মোডী।

পিছে এই ধাৰণাক অসত্য প্ৰমাণ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সংঘাত অব্যাহত থকাৰ লগতে যুদ্ধৰ অৱসাানৰ পৰিৱৰ্তে অধিক আক্ৰমণাত্মক হোৱাৰহে ইংগিত হোৱা গৈছে। কিয়নো দুয়োখন ৰাষ্ট্ৰক আলোচনাৰ মেজলৈ আনিবলৈ প্ৰচেষ্টা চলি থকাৰ মাজতে ৰাছিয়াই এইবাৰ পুনৰ খাৰকিভ আক্ৰমণ কৰিলে।

ৰাছিয়াৰ এনে আক্ৰমণত খাৰকিভত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। এই সন্দৰ্ভত খাৰিকভৰ এগৰাকী স্থানীয় বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, খাৰকিভৰ এই আক্ৰমণ ৰাছিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত বোমা আক্ৰমণ।

ইয়াৰোপৰি ৰাছিয়ান সেনাই সীমান্তৰ এটা ১২ মহলীয়া অট্টালিকাক লক্ষ্য কৰিও আক্ৰমণ কৰে। এই আক্ৰমণত অতি কমেও ৬ জন লোকৰ প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে। তাৰোপৰি আহত হৈছে ৫৯ গৰাকী লোক।

ৰাছিয়াৰ এই আক্ৰমণৰ পাছতে ইউক্ৰেইনে প্ৰচাৰ কৰা কেইবাখনো ফটোত দেখিবলৈ পোৱা গৈছে এই অট্টালিকাৰ ওপৰ ভাগত জুই জ্বলি আছে আৰু ক'লা ধোঁৱাই আকাশ আৱৰি আছে। তাৰোপৰি উদ্ধাৰকাৰীয়ে অট্টালিকাটোৰ পৰা আহত লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলাই আছে।

এই ঘটনাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনস্কিয়ে দেশখনৰ মৃত ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিক ৰাছিয়াৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ আহ্বান কৰিছে যাতে পুনৰাই এইদৰে আক্ৰমণ চলাব নোৱাৰে। তেওঁ জনোৱা মতে যোৱা সপ্তাহত ৰাছিয়াই ৪০০ ৰো অধিক ড্ৰোণ আকপ মিছাইল আক্ৰমণ কৰিছে।