আন্তঃৰাষ্ট্ৰীয়

কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ! আজি মাৰ্কিন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ

হোৱাইট হাউচ কাৰ দখললৈ যাব, তাকে লৈ এতিয়া যুক্তৰাষ্ট্ৰবাসীৰ মাজত চৰ্চা চলিছে।

Asomiya Pratidin

ডিজিটেল ডেস্ক : কোন হ’ব যুক্তৰাষ্ট্ৰ আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। কোনে মাৰিব শেষ হাঁহি ! ইয়াকে লৈ এতিয়া সমগ্ৰ বিশ্ববাসীৰ মাজত চৰ্চা লাভ কৰিছে।

কিয়নো আজি আৰম্ভ হৈছে মাৰ্কিন ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। ভাৰতীয় সময় অনুসৰি বিয়লি ৪-৩০ বজাৰ পৰা বুধবাৰে পুৱা ১০-৩০ বজা পৰ্যন্ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ভাগ্য নিৰ্ণয় হ’ব যুক্তৰাষ্ট্ৰখনৰ ৬০ সংখ্যক ৰাষ্ট্ৰপতিৰ পদৰ দুই মূল প্ৰতিদ্বন্দ্বী কমলা হেৰিছ আৰু ডনাল্ড ট্ৰাম্পৰ। ৫০ খন প্ৰদেশৰ ৫৩৮ ইলেক্ট্ৰৰেল কলেজৰ ২৭০ খন আসন লাভ কৰিব লাগিব বিজয়ী প্ৰাৰ্থীগৰাকীয়ে।

ৰাষ্ট্ৰীয় সংবাদ সংস্থাই উল্লেখ কৰা অনুসৰি ৰিপাব্লিকান প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাপ আৰু ডেমক্ৰেটিক প্ৰাৰ্থী তথা উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। কিয়নো এইবাৰ হোৱাইট হাউচ কাৰ দখললৈ যাব, তাকে লৈ এতিয়া যুক্তৰাষ্ট্ৰবাসীৰ মাজত চৰ্চা চলিছে।