আন্তঃৰাষ্ট্ৰীয়

আজি বিশ্ব থিয়েটাৰ দিৱস...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি বিশ্ব থিয়েটাৰ দিৱস। প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে এই দিৱস পালন কৰা হয়। পোন প্ৰথমে এই দিৱস ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান হৈছে ৰাষ্ট্ৰসংঘৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়।

ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ গুৰুত্ব বৃদ্ধি আৰু নাট্যশিল্পীসকলৰ সন্মানৰ স্বাৰ্থত এই দিবস প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয়।

এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰৰ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয়। এই দিৱস উদযাপনৰ লক্ষ্যে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এজন তাৰকাৰ দ্বাৰা থিয়েটাৰৰ থীম, শান্তিৰ সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে।

এই দিৱসৰ লগত সংগতি ৰাখি প্ৰথম বাৰ্তা ১৯৬২ চনত ফ্ৰান্সৰ জিন কোকটিয়াওয়ে লিখিছিল। ভাৰততো প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।