ৰূপকোঁৱৰে কৈছিল শুৱলা ভাষাৰে অসমীয়া ভাষা জগত সভালৈ যাব... 
কনক্লেভ, ২০২৪

ৰূপকোঁৱৰে কৈছিল শুৱলা ভাষাৰে অসমীয়া ভাষা জগত সভালৈ যাব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''সাদিন প্ৰতিদিন গোষ্ঠী উত্তৰ পূৰ্বাঞ্চলৰ দিক নিৰ্ণয়কাৰী সাহসী আৰু নিৰপেক্ষ সংবাদ গোষ্ঠী। এই সংবাদ গোষ্ঠীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠস্বৰ হিচাপে কাম কৰি আহিছে।''

আজি 'দ্য কনক্লেভ-২০২৪'ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমীয়া ভষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি ভাষাটোলৈ বৰেণ্য ব্যক্তিসকলে আগবঢ়োৱা অৱদানকো স্মৰণ কৰে।

তেওঁ কয়, জয়ন্ত বৰুৱাৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ অভিধান হেমকোষ প্ৰণয়ন কৰিছিল। পাছত তেওঁৰ পুত্ৰই হেমকোষৰ বিকাশৰ বাবে কাম কৰিছিল। সেই ধাৰা অটুট ৰাখি জয়ন্ত বৰুৱাই দৃষ্টিহীনসকলৰ বাবে হেমকোষ ব্ৰেইল প্ৰণয়ন কৰি তেওঁলোকক দৃষ্টি দিলে। মানৱীয় প্ৰমূল্যবোধেৰে এয়া এক বৃহৎ পদক্ষেপ।

তেওঁ পুনৰ কয়, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে এতিয়া নতুন প্ৰজন্মই গৱেষণা, সংৰক্ষণ আদিৰ ক্ষেত্ৰত যথেষ্ট সুযোগ পাব। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত গৱেষণাৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।

ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে তেওঁ পুনৰ কয়, আজি মই গৌৰৱ অনুভৱ কৰিছো। মোৰ মনত পৰিছে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সুধাকণ্ঠ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাবে ‘ভাৰত ৰত্ন’ প্ৰদান কৰিছিল। ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ প্ৰদান কৰি অসমীয়াৰ স্বাভিমান, অসমীয়া মানুহৰ স্বকীয় বৈশিষ্টক যিদৰে সন্মান প্ৰদান কৰিলে সেই কথা কেতিয়াও পাহৰিব নোৱাৰি। আজি অসমীয়া ভাষাকো সেই পৰ্যায়ত সন্মান প্ৰদান কৰিছে।

ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জনাই তেওঁ পুনৰ কয়, সকলোৱে জানে অসমীয়া শিপিনীয়ে বৈ উলিওৱা, সপোন ৰচনা কৰা গামোচাখন মোডী ডাঙৰীয়াই বিশ্ব মঞ্চত কান্ধত লৈ অসমীয়া শিপিনীসকলক সন্মান জনাই আহিছে।

তেওঁ কয়, অসমীয়া সাহিত্যক চহকী কৰাৰ বাবে, অসমীয়া ভাষাৰ এই যাত্ৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ ৰাম ঢেকীয়ালফুকন, পদ্মনাথ গোহাঁঞি বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা, ড০ ভূপেন হাজৰিকা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰেদৱৰ লগতে গুৰুসকলৰ যি অৱদান আছে তেওঁলোকৰ এই মহৎ পদক্ষেপক মনত ৰাখিবই লাগিব। ইয়াৰোপৰি এই ক্ষেত্ৰত অসম সাহিত্য সভাৰো উল্লেখযোগ্য অৱদান আছে।

জন্মলগ্নৰে পৰা সাহিত্য সভাই অসমীয়া ভাষাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আহিছে। ৰূপকোঁৱৰৰ জ্যোতি প্ৰসাদ আগৰৱালাই শুৱলা ভাষাৰে কৈছিল অসমীয়া ভাষা জগত সভালৈ যাব। আজি অসমীয়া ভাষাই অত্যন্ত মৰ্যদাসহকাৰে জগত সভালৈ গতি কৰিছে।

প্ৰতিদিন গোষ্ঠীয়ে জন্ম লগ্নৰে পৰা অসমীয়া ভাষা সাহিত্যক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰি আহিছে। অসমীয়া সংবাদ মাধ্যমে এই যাত্ৰাত সহযোগিতা কৰিছে। মহান মনিষীসকলৰ,সাহিত্যিকসকলৰ অৱদান শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু কৃতজ্ঞতা জনাইছো।

অসম চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিবলৈয়ো আহ্বান জনোৱাৰ কথাও আমি জানো। সেয়ে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলকো ধন্যবাদ জনাইছো। ভাষণত তেওঁ দ্য কনক্লেভে-২০২৪ ৰ সফলতা কামনা কৰি আগন্তুক সময়ত আৰু অধিক সম্প্ৰসাৰিত হোৱাৰ লগতে ইয়াৰ পৰিসৰ বৃহৎ হোৱাৰ কামনা কৰে।

উল্লেখ্য যে, আজিৰ এই কনক্লেভ-২০২৪ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কনক্লেভৰ দুয়োটা দিনতে কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।