কনক্লেভ, ২০২৪

ৰাজধানী চহৰ নতুন দিল্লীত আজিৰে পৰা সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ ২০২৪’

Asomiya Pratidin

ডিজিটেল ডেস্ক : আৰম্ভ হৈছে প্ৰহৰ গণনা। আজিৰে পৰা দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব সাদিন- প্ৰতিদিন গোষ্ঠীৰ 'দ্য কনক্লেভ ২০২৪'। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই আলোচনাচক্ৰত স্থান পাব উত্তৰ –পূবৰ বিভিন্ন সমস্যাৰ বিষয়।

ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, জলবায়ু পৰিৱৰ্তন, ক্ৰীড়া, সংস্কৃতি আদি বিভিন্ন দিশ সামৰি মুঠ ১২ টা বিষয় সন্দৰ্ভত হ’ব বস্তুনিষ্ঠ আলোচনা। নতুন দিল্লীৰ দ্য অশোকত অনুষ্ঠিত হ’ব লগা এই আলোচনাচক্ৰত ভাগ ল’ব নোবেল বিজয়ী কৈল্যাস সত্যাৰ্থীকে ধৰি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা কুৰিৰো অধিক সমল ব্যক্তিয়ে।

প্ৰতিটো বিষয় সন্দৰ্ভত হ’ব পুংখানুপুংখ আলোচনা। বিজ্ঞ ব্যক্তিৰ সুক্ষ্ম সুক্ষ্ম দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰা হ’ব প্ৰতিটো আলোচ্য বিষয়।

আজি পুৱা ১০-০০ বজাত দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উদ্বোধন কৰিব 'দ্য কনক্লেভ ২০২৪'ৰ অনুষ্ঠান। উপস্থিত থাকিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আলোচনাচক্ৰৰ প্ৰথম লানি আলোচনা সত্ৰত উপস্থিত থাকিব শান্তিৰ নোবেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থী। উদ্বোধনী অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হ’ব লগা এই আলোচনাৰ প্ৰথম বিষয়বস্তু হৈছে ‘শিশু সৰবৰাহৰ ভয়াবহতা’। এই নিৰ্দিষ্ট বিষয়টিত অংশ ল’ব নোবেল বিজয়ী কৈলাস সত্যাৰ্থীয়ে।

ইয়াৰ পাছতে পৰ্যায়ক্ৰমে 'দ্য কনক্লেভ'ৰ মজিয়াত কেইবালানি আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। দুদিন ধৰি অনুষ্ঠিত হ’ব সাদিন- প্ৰতিদিন গোষ্ঠীৰ 'দ্য কনক্লেভ ২০২৪।'