'সাদিন প্ৰতিদিন গোষ্ঠী উত্তৰ পূৰ্বাঞ্চলৰ দিক নিৰ্ণয়কাৰী' অসমীয়া ভাষাকো দিছে গতি... 
কনক্লেভ, ২০২৪

'সাদিন প্ৰতিদিন গোষ্ঠী উত্তৰ পূৰ্বাঞ্চলৰ দিক নিৰ্ণয়কাৰী' অসমীয়া ভাষাকো দিছে গতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিত এক গভীৰ প্ৰভাৱ পেলাব। ভাষাই এখন ৰাষ্ট্ৰৰ সংস্কৃতি আৰু শক্তিক সংজ্ঞায়িত কৰে।'' উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখনে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ দ্যা কনক্লেভ-২০২৪ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি আজি এই মন্তব্য কৰে।

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ 'দ্য অশোক'ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক 'দ্য কনক্লেভ'। ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা এই কনক্লেভত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ অধ্যক্ষ জয়ন্ত বৰুৱাই আদৰণি ভাষণত দিল্লীস্থিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা বাসিন্দাসকল এই কনক্লেভ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰেৰণা আৰু শক্তি বুলি উল্লেখ কৰি কয়, এই কনক্লেভৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰাজিৰ ওপৰত আলোকপাত কৰা আৰু ইয়াৰ সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰাই আমাৰ মূল উদ্দেশ্য। তেওঁ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কনক্লেভৰ দুয়োটা দিনতে অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো বিষয়ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলগীয়া সকলো সমল ব্যক্তিকে আদৰণি জনায়।

সাদিন প্ৰতিদিন গোষ্ঠীক উত্তৰ পূৰ্বাঞ্চলক দিন নিৰ্ণয়কাৰী সাহসী আৰু নিৰপেক্ষ সংবাদ গোষ্ঠী হিচাপে আখ্যা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথিৰ ভাষণত অসমীয়া ভষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি ভাষাটোলৈ বৰেণ্য ব্যক্তিসকলে আগবঢ়োৱা অৱদানক স্মৰণ কৰে।

তেওঁ কয়, প্ৰতিদিন মিডিয়া নেটৱৰ্ক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠস্বৰ। তেওঁলোক সদায় সাহসী আৰু নিৰেপক্ষ। উত্তৰ পূৰ্বাঞ্চলত সাদিন প্ৰতিদিন গোষ্ঠীয়ে দিন নিৰ্ণয়কাৰীৰ ভূমিকা পালন কৰি আহিছে।

তেওঁ কয়, জয়ন্ত বৰুৱাৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ অভিধান হেমকোষ প্ৰণয়ন কৰিছিল। পাছত তেওঁৰ পুত্ৰই হেমকোষৰ বিকাশৰ বাবে কাম কৰিছিল। সেই ধাৰা অটুট ৰাখি জয়ন্ত বৰুৱাই দৃষ্টিহীনসকলৰ বাবে হেমকোষ ব্ৰেইল প্ৰণয়ন কৰি তেওঁলোকক দৃষ্টি দিলে।মানৱীয় প্ৰমূল্যবোধেৰে এয়া এক বৃহৎ পদক্ষেপ।

তেওঁ পুনৰ কয়, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে এতিয়া নতুন প্ৰজন্মই গৱেষণা, সংৰক্ষণ আদিৰ ক্ষেত্ৰত যথেষ্ট সুযোগ পাব। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত গৱেষণাৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।

ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে তেওঁ পুনৰ কয়, আজি মই গৌৰৱ অনুভৱ কৰিছো। মোৰ মনত পৰিছে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সুধাকণ্ঠ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাবে ‘ভাৰত ৰত্ন’ প্ৰদান কৰিছিল। ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ প্ৰদান কৰি অসমীয়াৰ স্বাভিমান, অসমীয়া মানুহৰ স্বকীয় বৈশিষ্টক যিদৰে সন্মান প্ৰদান কৰিলে সেই কথা কেতিয়াও পাহৰিব নোৱাৰি। আজি অসমীয়া ভাষাকো সেই পৰ্যায়ত সন্মান প্ৰদান কৰিছে।

ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জনাই তেওঁ পুনৰ কয়, সকলোৱে জানে অসমীয়া শিপিনীয়ে বৈ উলিওৱা, সপোন ৰচনা কৰা গামোচাখন মোডী ডাঙৰীয়াই বিশ্ব মঞ্চত কান্ধত লৈ অসমীয়া শিপিনীসকলক সন্মান জনাই আহিছে।

তেওঁ কয়, অসমীয়া সাহিত্যক চহকী কৰাৰ বাবে, অসমীয়া ভাষাৰ এই যাত্ৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ ৰাম ঢেকীয়ালফুকন, পদ্মনাথ গোহাঁঞি বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা, ড০ ভূপেন হাজৰিকা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰেদৱৰ লগতে গুৰুসকলৰ যি অৱদান আছে তেওঁলোকৰ এই মহৎ পদক্ষেপক মনত ৰাখিবই লাগিব। ইয়াৰোপৰি এই ক্ষেত্ৰত অসম সাহিত্য সভাৰো উল্লেখযোগ্য অৱদান আছে। জন্মলগ্নৰে পৰা সাহিত্য সভাই অসমীয়া ভাষাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আহিছে। ৰূপকোঁৱৰৰ জ্যোতি প্ৰসাদ আগৰৱালাই শুৱলা ভাষাৰে কৈছিল অসমীয়া ভাষা জগত সভালৈ যাব। আজি অসমীয়া ভাষাই অত্যন্ত মৰ্যদাসহকাৰে জগত সভালৈ গতি কৰিছে।

প্ৰতিদিন গোষ্ঠীয়ে জন্ম লগ্নৰে পৰা অসমীয়া ভাষা সাহিত্যক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰি আহিছে। অসমীয়া সংবাদ মাধ্যমে এই যাত্ৰাত সহযোগিতা কৰিছে। মহান মনিষীসকলৰ,সাহিত্যিকসকলৰ অৱদান শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু কৃতজ্ঞতা জনাইছো।

অসম চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিবলৈয়ো আহ্বান জনোৱাৰ কথাও আমি জানো। সেয়ে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলকো ধন্যবাদ জনাইছো। ভাষণত তেওঁ দ্য কনক্লেভে-২০২৪ ৰ সফলতা কামনা কৰি আগন্তুক সময়ত আৰু অধিক সম্প্ৰসাৰিত হোৱাৰ লগতে ইয়াৰ পৰিসৰ বৃহৎ হোৱাৰ কামনা কৰে।

উদ্বোধনী ভাষণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে 'দ্য কনক্লেভ-২০২৪' ৰ অংশ হ'বলৈ পাই আনন্দ অনুভৱ কৰিছো বুলৈ কৈ ইয়াৰ বাবে উদ্যোগ লোৱা জয়ন্ত বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে। ভাষণৰ আৰম্ভণিতে তেওঁ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে।

তেওঁ কয়, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিত এক গভীৰ প্ৰভাৱ পেলাব। ভাষাই এখন ৰাষ্ট্ৰৰ সংস্কৃতি আৰু শক্তিক সংজ্ঞায়িত কৰে।

ভাষণত তেওঁ কয়, "মই জানো উত্তৰ-পূব ভাৰত কিমান সমৃদ্ধ। উত্তৰ-পূব প্ৰাকৃতিকভাৱে যথেষ্ট সমৃদ্ধিশালী। উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ সৌন্দৰ্য অপূৰ্ব আৰু পৰ্যটকসকলৰ বাবে এয়া এক স্বৰ্গ স্বৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্ট ইষ্ট পলিচিক শীৰ্ষ পৰ্যায়লৈ লৈ গৈছে। জলপথ আৰু বিমান সংযোগেৰে এই অঞ্চলটোক দেশৰ প্ৰতিটো ক্ষেত্ৰৰে সংযুক্ত কৰিছে।

তেওঁ কয়, পৰ্যটনে এটা অঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰে। উত্তৰ পূৰ্বাঞ্চল হৈছে ভাৰতৰ হৃদয় আৰু আত্মা। প্ৰতিখন ৰাজ্যৰে সুকীয়া বিশেষত্ব আছে।

জৰুৰীকালীন সময়ৰ কথা সোঁৱৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, সেই সময়ত দুখন বাতৰি কাকতে তেওঁলোকৰ সম্পাদকীয়ৰ স্থান খালী ৰাখিছিল। মই জয়ন্ত বৰুৱাক অনুৰোধ জনাইছো সম্পাদকীয় পৃষ্ঠা সকলোৰে বাবে গুৰুতূপূৰ্ণ হ’বল লাগিব। ই মানুহক সংবেদনশীল কৰিব লাগিব। আমি সংবাদ মাধ্যমৰ আলোচনাক সমূহক উচ্চ মানদণ্ডৰ কৰিব লাগিব। সংবাদ মাধ্যমসমূহে ভুৱা বাতৰি, চাঞ্চল্য সৃষ্টি আদি দিশসমূহৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।

তেওঁ কয় ভাৰতৰ সম্ভাৱনাক আমি প্ৰত্যক্ষ কৰিছো।আমি এনে এখন ভাৰত প্ৰত্যক্ষ কৰিছো য’ত সকলো আইনৰ দৃষ্টিত সমান। মই সংবাদ মাধ্যমক ভুৱা বাতৰিৰ ওপৰত স্থিতি লবলৈ আহ্বান জনাইছো।

উল্লেখ্য ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বন্তী প্ৰজ্বলন কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। তেওঁক সহযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জয়ন্ত বৰুৱাই। সেই সময়ত গণেশ বন্দনা কৰে অজন্তা গোস্বামীয়ে।