asomiyapratidin
ভিটামিন-চি আটাইতকৈ বেছিকৈ থকা ফলটোয়েই হৈছে মধুৰিআম।
মধুৰিআম ফলপ্ৰষ্টেট কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস কৰাত ব্যাপকভাৱে সফল হোৱা দেখা গৈছে আৰু লগতে স্তন কৰ্কট কোষৰ বিকাশো ই ৰোধ কৰে।
মধুৰিআমত থকা আঁহৰ পৰিমাণ আৰু নিম্ন গ্লাইকেমিক সূচকৰ বাবে মধুমেহৰ বিকাশ প্ৰতিহত কৰাত ই যথেষ্ট সহায়ক হৈ পৰে।
এই বিধ ফলে শৰীৰৰ ছডিয়াম আৰু পটাছিয়ামৰ ভাৰসাম্য উন্নত কৰাত সহায় কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ থকা ৰোগীৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
মধুৰিআমত আন ফলৰ তুলনাত আঁহৰ পৰিমাণ অতি বেছিকৈ থাকে।
ভিটামিন-এৰ উপস্থিতিৰ বাবে মধুৰিআম চকুৰ স্বাস্থ্যৰ বাবে এক বুষ্টাৰ হিচাপে কাম কৰে। ই দৃষ্টিশক্তি যথেষ্ট
মধুৰিআমত ফলিক এচিড বা ভিটামিন বি-৯ থাকে, যাৰ বাবে গৰ্ভৱতী মহিলাই মধুৰিআম খোৱাটো অত্যন্ত দৰকাৰী।
মধুৰিআম পাতৰ এক শক্তিশালী এণ্টিবেক্টেৰিয়েল ক্ষমতা আছে যি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু বীজাণু ধ্বংস কৰে।
মধুৰিআমত থকা মেগনেছিয়ামে শৰীৰৰ পেশী আৰু স্নায়ু শিথিল কৰাত সহায় কৰে।
মধুৰিআমত ভিটামিন-বি৩ আৰু ভিটামিন-বি৬ থাকে, যাক ক্ৰমে নিয়াচিন আৰু পাইৰিডক্সিন বুলিও কোৱা হয়।
প্ৰ'টিন, ভিটামিন আৰু আঁহ গ্ৰহণৰ সৈতে আপোচ নকৰাকৈ মধুৰীআমে দেহটোক নিয়ন্ত্ৰণ কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।