আকৰ্ষণীয় হৈ পৰিছে প্ৰিমিয়াৰ লীগ । আৰ্চেনাল আৰু মানচেষ্টাৰ ইউনাইটেডৰ মাজত চলিছে তুমুল প্ৰতিযোগিতা খিতাপ দলখল কৰিবলৈ । তৃতীয় বাৰৰ বাবে মেন চিটিয়ে ট্ৰফী জিকিব নে একালৰ মহাৰথী আৰ্চেনালে ?
২০০৩-০৪ চনৰ অদম্য আৰ্চেনাল ক্লাবে অন্তিম বাৰৰ বাবে সেই বৰ্ষতেই জিকিছিল প্ৰিমিয়াৰ লীগৰ খিতাপ । তাৰ পাছৰে পৰাই ধাৰাবাহিকভাৱে শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা ক্লাবটো যেন পুনৰ ফৰ্মলৈ উভতি আহিছে এইটো বৰ্ষত । লীগৰ তালিকাৰ শীৰ্ষত আৰ্চেনাল । সন্মুখত বাকী কেইবাখনো খেল । পৰৱৰ্তী মেচসমূহৰ পৰা আন ১৪ পইন্টেৰে ৮৮ পইন্ট সংগ্ৰহ কৰাৰ দিশে আৰ্চেনাল । এইবাৰ ট্ৰফী নিবনে আৰ্চেনালে ?
তৃতীয়বাৰৰ বাবে প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰাৰ দিশে মানচেষ্টাৰ চিটি । সন্মুখত মাথো আৰ্চেনাল । অৱশ্যে আৰ্চেনালতকৈ তুলনামূলকভাৱে সহজ প্ৰতিদ্বন্দী আছে মানচেষ্টাৰৰ সন্মুখত । পৰৱৰ্তী খেলসমূহৰ পৰা নূন্যতম ২২ পইন্ট সংগ্ৰহ কৰি খিতাপ দখলৰ দিশে মানচেষ্টাৰ চিটি ।
তালিকাৰ শীৰ্ষত আৰ্চেনাল আৰু মানচেষ্টাৰ চিটিৰ মাজত তুমুল প্ৰতিযোগিতা হ'লেও, তালিকাৰ অন্তিম স্থানত থকা ক্লাব কেইটাৰ মাজত হে দেখা যাব প্ৰকৃত যুদ্ধ । প্ৰিমিয়াৰ লীগৰ পৰা বাহিৰ হৈ নিশ্চয়কৈ কোনেও অন্ত পেলাব নিবিচাৰে এইটো ছীজন ।
চলিত ছীজনত সবাতোকৈ হতাশজনক প্ৰদৰ্শন আগবঢ়াইছে চাউথহেম্পটন এফ.চি.য়ে । ৩১ খন মেচৰ পৰা কেৱল ২৩ পইন্ট সংগ্ৰহ কৰা দলটো প্ৰিমিয়াৰ লীগৰ পৰা বাহিৰ হ'বলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ।
একালৰ চাঞ্চল্যৰ সৃষ্টি কৰা লেইচেষ্টাৰ চিটি পুনৰ শীৰ্ষৰ ক্লাববোৰৰ দপদপনিত থমকি ৰ'বলৈ বাধ্য হৈছে । ২০১৫-১৬ চনৰ খিতাপ দখলকাৰী লেইচেষ্টাৰ চিটি বৰ্তমান তালিকাত ১৯ নং স্থানত আছে । অৱশ্যে বাকী থকা খেলৰ পৰা আন ৭ পইন্ট আশা কৰিব পৰা যায় লেইচেষ্টাৰ চিটিৰ বাবে ।
বিগত ছিজনত স্থানৰ উত্তৰণ ঘটা নটিংহাম ফৰেষ্ট বৰ্তমান তালিকাৰ ১৮ নং স্থানত আছে ২৭ পইন্টেৰে । আগন্তুক মেচসমূহৰ পৰা আন ৬ পইন্ট সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে দলটোৰ । যি হ'ব দলটোৰ বাবে শ্ৰেষ্ঠ প্ৰদৰ্শন ।
প্ৰিমিয়াৰ লীগত কাহানিও পইন্টৰ বাবে বহিষ্কাৰ হ'ব নলগা এভাৰ্টনৰ বাবে এই ছীজন খুবেই কঠিন । ছীজনৰ শেষলৈ আন ৮ পইন্টেৰে হয়তো তালিকাৰ পৰা বাহিৰ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে এভাৰ্টন । কিন্তু এনে প্ৰদৰ্শন অব্যাহত ৰাখিলে ভৱিষ্যতে হয়তো এই সুযোগ উভতাই নাপাব এভাৰ্টনে ।
১৬ বছৰৰ মূৰত প্ৰিমিয়াৰ লীগলৈ উভতিছিল লীডছ ইউনাইটেড । সেই দৃষ্টিকোণেৰে দলটোৰ খেলা সন্তুষ্টিকৰ আছিল যদিও বৰ্তমানো পইন্ট তালিকাৰ ১৬ নং স্থানত আছে দলটো । আগন্তুক মেছসমূহৰ পৰা হয়তো আন ৭ পইন্ট সংগ্ৰহ কৰিব দলটোৱে । কিন্তু আন দলসমূহৰ খেলৰ ফলাফলে হে অন্তিম নিৰ্ণয় গ্ৰহন কৰিব এই ক্ষেত্ৰত ।
{{ primary_category.name }}