ছাইনাছৰ পৰা নিমিষতে সকাহ পাবলৈ এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লওঁক

আদা

ছাইনাছৰ সমস্যা আঁতৰ কৰাত আদা যথেষ্ট সহায়ক। আদাৰ বহুতো বিষ উপশমকাৰী, এণ্টিপাইৰেটিক, পাচন আৰু নিঃসৰণ বৃদ্ধিকাৰী গুণাগুণ আছে।

তুলসী

তুলসী আয়ুৰ্বেদিক গুণাগুণ সমৃদ্ধ। তুলসীৰ ডাঠ শ্লেষ্মা আঁতৰোৱা, কফ নিষ্কাশনকাৰী আৰু এণ্টিমাইক্ৰোবাইল গুণাগুণ থাকে।

ঘিউ

ঘিউ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই শৰীৰটোক এলাৰ্জিৰ পৰা সুৰক্ষিত কৰে।

জালুক

আপুনি যিকোনো চুপত জালুকৰ গুৰি মিহলি কৰি খাব পাৰে। যদি আপুনি বিচাৰে চাহতো দি খাব পাৰে।