ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত এতিয়া বিনামূল্যে খোৱাপানীৰ নাটনি। খোৱাপানীৰ বাবে আপুনি ভৰিব লাগিব ১০ হাজাৰ টকা। ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ অধীনষ্ঠ চেন্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটিয়ে এই সন্দৰ্ভত বাতৰি কাকতৰ জৰিয়তে জাৰি কৰিছে এক ৰাজহুৱা জাননী।
ৰাজহুৱা জাননী নং ৩/2022 ত উল্লেখ কৰা মতে ভূ গৰ্ভৰ পানী যিবোৰ ফ্লেটত, হাউচিং চোচাইটিত, চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ, মাইনিং প্ৰজেক্ট, চুইমিং পুল আদি ব্যৱহাৰ কৰে তেওঁলোকে CGWA ত ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব।
সাধাৰণ ভাষাত আপোনাৰ ঘৰত যদি পানী বৰিং আছে তেনেহ'লে এই নিৰ্দেশনা অনুসৰি ১০ হাজাৰ টকা পঞ্জীয়ন মাছুল দি আৱেদন জনাব লাগিব। ব্যক্তিগতভাৱে থকা পৰিয়ালক বাদ দি ফ্লেট, এপাৰ্টমেন্টৰ সকলোৱে এই নিৰ্দেশনা মানিব লাগিব।
অন্যথাই আপুনি পানীৰ বাবে বৰিং কৰিলে আৰু ভূ গৰ্ভৰ অনুমতি অৱিহনে পানী ব্যৱহাৰ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। যি সময়ত মহানগৰবাসীক খোৱাপানীৰ যোগান ধৰিবৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি বছৰৰ পাছত বছৰ ধৰি পানী দিব পৰা নাই তেনে সময়ত কোনোবাই নিজৰ ধন ব্যয় কৰি ভূ পৃষ্ঠৰ পৰা পানী আহৰণ কৰিলেও ১০ হাজাৰ টকাকৈ ধন দিব লগা এই প্ৰক্ৰিয়াই নিসন্দেহে বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব।
জল জীৱন আঁচনিৰ জৰিয়তে পানীৰ নলা আৰু পাইপ স্থাপন কৰা হ'ল যদিও সেই পাইপেৰে ওলোৱা নাই পানী। ২০০৫ চনতে জাপানীজ কোম্পানী জাইকাৰ সহযোগত মহানগৰত পানী যোগানৰ বাবে যি আঁচনি গ্ৰহণ কৰা হৈছিল সেই আঁচনিও আজি কাৰ্যকৰী হৈ নুঠিল।
কাষতে ব্ৰহ্মপুত্ৰ থকাৰ পাছত গুৱাহাটী মহানগৰৰ ১০-১৫ লাখ মানুহক পানীৰ যোগান ধৰিব নোৱাৰা এই চৰকাৰে অতি কৌশলেৰে ১০ হাজাৰ টকাকৈ ঘাটিত চলি থকা ৰাজভঁৰালৰ ধন গোটাবলৈ এই ফান্দি পাতিছে বুলি অনুমান কৰা হৈছে।
কৃত্ৰিম বান, বেয়া বাট-পথ, নিৰাপত্তহীনতা আধি সমস্যাৰে জৰ্জৰিত মহানগৰবাসী পানীৰ নামত এই ১০ হাজাৰ টকাৰ বোজা জাপি দিব বিছৰা হৈছে। এই বিষয়ে সৱিশেষ আছে চেন্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটিৰ ৱেৱচাইটত।