হাটশিঙিমাৰীত আটক ১২ বাংলাদেশীঃ ভাৰতৰ ভিন্ন স্থানত কাম কৰিছিল দলটোৱে

মেঘালয়ৰ ডাউকী অঞ্চলেৰে প্ৰবেশ কৰিছিল ভাৰতৰ ভূমিত
হাটশিঙিমাৰীত আটক ১২ বাংলাদেশীঃ ভাৰতৰ ভিন্ন স্থানত কাম কৰিছিল দলটোৱে
হাটশিঙিমাৰীত আটক ১২ বাংলাদেশীঃ ভাৰতৰ ভিন্ন স্থানত কাম কৰিছিল দলটোৱে
Published on
Updated on

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে সন্ধিয়া হাটশিঙিমাৰীত ১২ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত সীমান্ত শাসাৰ উপ আৰক্ষী অধীক্ষক ইছলাম উদ্দিনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ফুলেৰচৰৰ পৰা আটক কৰিছে এই বাংলাদেশী অনুপ্ৰৱেশকাৰী কেইজনক।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ মেঘালয়ৰ ডাউকী ভাৰত-বাংলা সীমান্তয়েদী অবৈধভাৱে তেওঁলোকে ভাৰতৰ ভূমিত প্ৰবেশ কৰিছিল। যোৱা এক দীঘলীয়া সময় তেওঁলোকে তামিলনাডুত শ্ৰমিক হিচাপে কাম কৰি আছিল। মঙ্গলবাৰে পুনৰ বাংলাদেশলৈ উভতি যোৱাৰ চেষ্টা কৰাৰ সময়তে তেওঁলোক আৰক্ষীৰ জালত পৰে।

আটকাধীন বাংলাদেশী নাগৰিক কেইজনৰ ভিতৰত ৯ জনৰ পৰাই আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড জব্দ কৰে। আটকাধীন বাংলাদেশী কেইজন ক্ৰমে বাংলাদেশৰ ঢাকা জিলাৰ মোহাম্মদ আৰিফুল ইছলাম(৩৬), গাইদান্ধা জিলাৰ মনিৰ হুছেইন (৩৮), নওসন্দি জিলাৰ মোহাম্মদ মিজানুৰ ৰহমান (২৩), কুডিগ্ৰাম জিলাৰ আশ্ৰাফুল ইছলাম (২৬), জামালপুৰ জিলাৰ মানিক মিঞা (২৯) আৰু ময়মনসিং জিলাৰ নবি হাছান (২৫), আবায়াদুল্লা হাছান (১৮), ৱালিউল উল্লা (৩৪), মফাজল হুছেইন(২৯), হজৰত আলী (৩৬), শপিকুল ইছলাম (৩৫) আৰু ফৰকান আলী (৩১) বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে ।

উল্লেখ্য যে মঙ্গলবাবে নিশাৰ ভাগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে বি এছ এফৰ সহযোগত হাটশিঙিমাৰীৰ শিশুমাৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথেদি নীতি নিয়মৰ মাজেদি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিছে বুলি জানিব পৰা গৈছে। কিন্তু তেওঁলোকে এইদৰে ভাৰতত প্ৰৱেশ কৰি এক দীঘলীয়া সময় ধৰি কাম কৰি পুনৰ স্বদেশলৈ ঘূৰি যোৱাৰ দৰে ঘটনা ইমান সাধাৰণ ভাৱে কেনেকৈ সংঘটিত হ'ব পাৰিলে, কোনে তেওঁলোকক ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰি দিলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।

হাটশিঙিমাৰীত আটক ১২ বাংলাদেশীঃ ভাৰতৰ ভিন্ন স্থানত কাম কৰিছিল দলটোৱে
পুনেত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাঃ দুই পাইলট, অভিযন্তাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in