ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। বৰ্তমান পৰ্যন্ত ২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) প্ৰতিবেদন অনুসৰি প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদন অনুসৰি অসম, অন্যান্য চুবুৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ভূটানত হোৱা মুষলধাৰ বৰষুণৰ পিছত কেইবাখনো নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আহিছে। যাৰ ফলত অঞ্চলসমূহ প্লাবিত হৈছে।
বেকী, পাগলাদিয়া, পুঠিমাৰী আদি নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ ফলত ওচৰৰ অঞ্চলসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৪৫ খন ৰাজহ চক্ৰৰ প্ৰায় ৭৮০ খন গাঁও বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে। প্ৰভাৱিত জিলা সমূহ- বজালী,বাক্সা, বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাটস হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি আদি।
তথ্য অনুসৰি, নলবাৰীৰ প্ৰায় ৪৪,৭০৭ গৰাকী লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা, ইয়াৰ পাছতে বাক্সাত ২৬,৫৭১, লখিমপুৰত ২৫,০৯৬, তামুলপুৰত ১৫৬১০ আৰু বৰপেটাত ৩৮৪০ গৰাকী লোক প্ৰভাৱিত হৈছে।
বাক্সা, ধুবুৰী, কোকৰাঝাৰ, নলবাৰী আৰু তামুলপুৰত প্ৰশাসনে ইতিমধ্যে ১৪ টা শিবিৰ আৰু ১৭ টা সাহায্য বিতৰণ শিবিৰ স্থাপন কৰিছে।
বৰ্তমান পৰ্যন্ত প্ৰায় ১.০৭ লাখ ঘৰচীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা। এনডিআৰএফ, এছডিআৰএফ আৰু অগ্নি আৰু জৰুৰীকালীন সেৱা সমূহে বুধবাৰে বানপীড়িত অঞ্চলৰ পৰা ১২৮০ জন লোকক উদ্ধাৰ কৰিছে। বুধবাৰ পৰ্যন্ত বানপানীৰ ফলত ৰাজ্যত ৪টা মথাউৰি, ৭২ টা পথ আৰু ৭খন দলং অধিক ক্ষতিগ্ৰস্ত হৈছে।
Also Read: শিল্পী মোহিনী ৰাজকুমাৰীৰ নামত উৎসৰ্গা কৰা পথৰ বিধ্বস্ত ৰূপ, মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ নমুনা...