ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...

ধিং, জাজৰি, বটদ্ৰৱাৰ কেইবাজনো প্ৰাক্তন আলফা সদস্যক সোধপোছ
ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...
ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...
Published on
Updated on

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ মুঠ ২৫ টা স্থানত বোমা সংস্থাপন কৰাৰ ঘটাই ৰাজ্যৰ প্ৰশাসনৰ লগতে অসম চৰকাৰকো জোকাৰি গৈছে। অসম আৰক্ষীৰ সুৰক্ষাৰ ফুপোলা স্বৰূপ উদঙাই গুৱাহাটী মহানগৰীৰ লগতে লখিমপুৰ, নলবাৰী, শিৱসাগৰ, ডিব্ৰুগড়, নগাওঁ আদিৰ ভিন্ন স্থানত নিষিদ্ধ ঘোষিত সংগঠন আলফা, স্বাধীনে সংস্থাপন কৰা বোমা বিচাৰি আৰক্ষীৰ অভিযান আজিও অব্যাহত আছে।

বৃহস্পতিবাৰৰ বিয়লিলৈকে গুৱাহাটীৰ মুঠ দুটা স্থানত বোমা উদ্ধাৰ হোৱাৰ পাছত আজি পুনৰ সাতগাঁৱত এটা সক্ৰিয় বোনা উদ্ধাৰ হয়। ইয়াৰ মাজতেই আৰক্ষীয়ে বোমা সংস্থাপনৰ দৰে অতি সংবেদনশীল এই বিষয়টোক গুৰুত্বসহকাৰে লৈ বহু কেইজন লোকক সোধপোছৰ বাবে তলব কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে নগাঁ জিলাৰ ধিং, বটদ্ৰৱা, জাজৰি আদি অঞ্চলৰ মুঠ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক নগাওঁ আৰক্ষীয়ে তলব কৰিছে। এই বিষয়ত আৰক্ষীৰে যোগাযোগ কৰাত প্ৰাক্তন আলফা সদস্য কেইজনক সোধপোছৰ বাবে তলব কৰাৰ কথা অৱগত কৰিছে যদিও তেওঁলোকৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

ইফালে আজি আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ পানীতোলাস্থিত বাসগৃহতো আজি আৰক্ষীয়ে বোমা বিচাৰি অভিযান চলাইছে। এই পৰ্যন্ত অৱশ্যে আৰক্ষীয়ে বোমা সংস্থাপনৰ সৈতে জড়িত কোনো লোককে আটক বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে গুৱাহাটীৰ একাধিক স্থানত এতিয়াও অব্যাহত ৰাখিছে বোমাৰ সন্ধানত অভিযান।

ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...
শেষ হোৱা নাই বোমাতংকঃ সাঁতগাৱত উদ্ধাৰ সক্ৰিয় বোমা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in