ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত চিনাক্ত হৈছে প্ৰথমজন ডেংগু ৰোগী ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ধৰা পৰিছে এই ৰোগী গৰাকী ৷
জানিব পৰা মতে ডেংগুত আক্ৰান্ত বুলি চিনাক্ত হোৱা গৰাকী হৈছে এগৰাকী ছাত্ৰী ৷ নগাঁও পলিটেকনিকত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী ৷ ৰীতা প্ৰসাদ নামৰ ছাত্ৰীগৰাকীৰ ঘৰ কাৰ্বিআংলং জিলাৰ ডিফুত ৷ ছাত্ৰীগৰাকীয়ে পলিটেকনিকৰ ওচৰত ঘৰ ভাড়া কৰি অধ্যয়ন কৰি আহিছিল ৷
দিনদিয়েক পূৰ্বে ছাত্ৰীগৰাকী ডিফুৰ পৰা নগাঁৱলৈ আহিছিল ৷ জ্বৰত আক্ৰান্ত হোৱাত স্বাস্থ্য পৰীক্ষা কৰা ডেংগুত আক্ৰান্ত হোৱা বুলি ধৰা পৰে ৷ পিছত ছাত্ৰীগৰাকীক ডিফুলৈ পঠাই দিয়া হয় ৷
শেহতীয়াকৈ কাৰ্বিআংলং জিলাত ডেংগুয়ে ভয়াবহ ৰূপ ধাৰন কৰিছে ৷ নগাঁৱৰ কাষৰীয়া জিলাখনত ডেংগুয়ে মহামাৰী ৰূপ ধাৰন কৰাৰ পিছত চিন্তিত হৈ পৰিছে নগাঁৱৰ স্বাস্থ্য বিভাগ ৷ ইতিমধ্যে স্বাস্হ্য বিভাগে নগাঁও-কাৰ্বিআংলঙৰ সীমামূৰীয়া এলেকাসমূহত সতৰ্কতা অবলম্বন কৰিছে ৷