ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ নিষিদ্ধ ঘোষিত সংগঠনৰ ধন দাবী কাৰ্য। শান্তি আলোচনাৰ জৰিয়তে স্থায়ী শান্তি স্থাপন কৰিবলৈ প্ৰয়াস চলোৱা কোকৰাঝাৰত অব্যাহত আছে নিষিদ্ধ ঘোষণিত সংগঠনৰ ধন দাবী প্ৰক্ৰিয়া।
কোকৰাঝাৰত এগৰাকী ব্যৱসায়ীক কে এল অ'য়ে ধনদাবী কৰাৰ লগতে জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে। উল্লেখ্য যে, কোকৰাঝাৰৰ ব্যৱসায়ী সুনীল মণ্ডলক ২ লাখ টকাৰ ধন দাবী কৰিছে কে এল অ'য়ে।
এই একেগৰাকী সুনীল মণ্ডলক আজিৰ পৰা প্ৰায় তিনি মাহৰ পূৰ্বে কে এল অ'য়ে ধনদাবী কৰাৰ লগতে আক্ৰমণৰ সন্মুখীন হৈছিল।পুনৰ এইগৰাকী ব্যৱসায়ীক কে এল অ'য়ে ধনবাদী কৰাত এতিয়া জীৱনৰ নিৰাপত্তহীনতা ভূগি ঘৰ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে কোকৰাঝাৰ আৰক্ষীয়ে এই ঘটনাৰে সম্পৰ্ক থকাৰ সন্দহেত দুজন যুৱকক আটক কৰিছে। জানিব পৰা মতে আআটকাধীন দুই যুৱক কে এল অ'ৰ লিংকমেন।