উছৱমুখৰ পৰিৱেশত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অমৃত কলহ যাত্ৰা...

প্ৰখৰ ৰ'দতো শোভাযাত্ৰাত ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে মায়ঙৰ "অমৃত কলহ যাত্ৰা"ৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
উছৱমুখৰ পৰিৱেশত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অমৃত কলহ যাত্ৰা...

কেন্দ্ৰীয় চৰকাৰৰ "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যত সমাপন হৈ আছে "অমৃত কলহ" যাত্ৰা। সোমবাৰৰ দিনটোও ইয়াৰ ব্যতিক্ৰম নহয়। সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাপন হোৱা এই কাৰ্যসূচী সবিশেষ...

প্ৰখৰ ৰ'দতো শোভাযাত্ৰাত ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে মায়ঙৰ "অমৃত কলহ যাত্ৰা"ৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে মৰিগাঁও জিলাৰ মায়ঙত "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত গোভালিৰ পৰা মায়ং পঞ্চায়ত কাৰ্যালয় অভিমুখে উলিওৱা এটা শোভাযাত্ৰাত হাতত অমৃত কলহ লৈ সতীভেটীৰ সোণাৰাম সেৱাশ্ৰমলৈকে পদব্ৰজে যাত্ৰা কৰে।

এই কাৰ্যসূচীত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মায়ঙৰ ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, স্থানীয় লোক, পঞ্চায়ত প্ৰতিনিধিসকল, আত্মসহায়ক গোটৰ মহিলাসকল আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰচণ্ড ৰ'দতো সকলোৱে উৎছৱমুখৰ পৰিৱেশত উৎসাহেৰে অমৃত কলহ যাত্ৰাত অংশ লয়। ইয়াৰ পিছতেই মায়ং পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত আয়োজিত এখন সভাত অংশ লৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰথমেই এই শোভাযাত্ৰাত অংশ লোৱাৰ বাবে জলসম্পদ মন্ত্ৰীগৰাকীক আৰু প্ৰখৰ ৰ'দতো স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শোভাযাত্ৰাত অংশ লোৱা জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ আহ্বানক্ৰমে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত অসমত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণে ব্যাপক উৎসাহ প্ৰদৰ্শন কৰিছে। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ডঃ সংগীতা বৰঠাকুৰে উপস্থিত ৰাইজক পঞ্চ পণ পাঠ কৰোৱায়। অনুষ্ঠানৰ অংশৰূপে "মোৰ মাটি মোৰ দেশ" সম্পৰ্কে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাৰ্তা তথা এই কাৰ্যসূচীৰ শীৰ্ষগীত পৰিবেশন কৰা হয়। উল্লেখযোগ্য যে "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে প্ৰয়াস চলাইছে। এই কাৰ্যসূচী যাতে জিলাখনৰ গাঁৱে-ভূঞে সকলো ঠাইলৈকে সম্প্ৰসাৰিত হয় আৰু ৰাইজে দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ লৈ স্বতঃস্ফুৰ্তভাৱে অংশ লয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত ঠায়ে ঠায়ে শোভাযাত্ৰা অনুষ্ঠিত কৰিছে। এই শোভাযাত্ৰাসমূহত ৰাইজৰ বিপুল অংশগ্ৰহণ পৰিলক্ষিত হৈছে। জিলাখনৰ ৮৫ টা গাঁও পঞ্চায়তত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিটো অনুষ্ঠানত মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়ক, চৰকাৰী বিষয়া আৰু সমাজৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

যোৱা ১ অক্টোবৰলৈকে প্ৰত্যেকটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰি এই সংগৃহীত মাটি অমৃত কলহত গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়লৈ অনা হৈছে। এটি গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমুহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত এই মাটি দান কৰা হ'ব। ৮ আৰু ১৫ অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ'ব। ২৫ অক্টোবৰত উন্নয়ন খণ্ড/ পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব। ২৬ অক্টোবৰত খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ'ব। ২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/ পৌৰ এলেকাৰ পৰা সংগৃহীত ২০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ'ব। ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ'ব।

চতিয়া সমষ্টিত “মেৰা মাটি মেৰা দেশ” কাৰ্য্যসূচী সফল ৰূপায়ন

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে “মেৰা মাটি মেৰা দেশ” কাৰ্য্যসূচীৰ অধীনত বীৰ শ্বহীদসকলৰ স্মৃতিসৌধ নিৰ্মাণত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালৰ পৰা “অমৃত কলহ”ৰ জৰিয়তে চলিছিল পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান ৷ এই কাৰ্য্যসূচী মৰ্মে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত সমষ্টিটোৰ প্ৰতিটো পৌৰসভা আৰু গাঁও পঞ্চায়তৰ এলেকাধীন লোকসকলৰ পৰিয়াল সমূহৰ গৃহৰ পৰাও ভূমি সংগ্ৰহ কৰা হয় । সোমবাৰে পুৱা চতিয়া পৌৰসভা এলেকাৰ দহটাকৈ ওৱাৰ্ডৰ পৰা দহটিকৈ পৱিত্ৰ ভূমি ভৰ্তি কলহ ধৰ্মীয় ৰীতি নীতিৰে লৈ অনা হয় চতিয়া পৌৰসভা কাৰ্যালয়লৈ ৷ এই ভূমি গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে কয় যে- দেশৰ স্বাধীনতাৰ বাবে আত্ম বলিদান দিয়া বীৰ শ্বহীদসকলৰ স্মৃতি সৌধ নিৰ্মাণত অংশগ্ৰহণৰ বাবে “অমৃত কলহ”ৰ জৰিয়তে এই পবিত্ৰ ভূমি সংগ্ৰহ কৰা হৈছে ৷ গাঁওপঞ্চায়তৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়লকৈ এই পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান চলিছে ৷ ভূমি গ্ৰহণৰ এই অনুষ্ঠানত জীৱিকা সখীসকলৰ লগতে চতিয়া পৌৰসভাৰ সকলো শ্ৰেণীৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷

  User
User

জামুগুৰিহাটতো "মেৰা মাটি মেৰা দেশ"ৰ বিশেষ কাৰ্যসূচী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটতো "মেৰা মাটি মেৰা দেশ"ৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। জামুগুৰি পৌৰসভাৰ ১০টাকৈ ৱাৰ্ডৰ পৰা ১০টা "অমৃত কলহ"ৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে এই পৱিত্ৰ ভূমি ৷ মহিলাসকলৰ হৰি নাম, বিহু-ঢোল বজাই জামুগুৰিহাটত কেন্দ্ৰস্থলত শোভাযাত্ৰা কৰি পৌৰসভা কাৰ্যালয়লৈ লৈ যোৱা হয় ১০টাকৈ ভূমি ভৰ্তি "অমৃত কলহ"। কাৰ্যসূচীত উপস্থিত থাকে পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত, উপ-পৌৰপতি অঞ্জন কলিতাকে ধৰি পৌৰসভাৰ ১০টা ৱাৰ্ডৰ কমিচনাৰসকল৷

কলহভাঙা গাওঁ পঞ্চায়ততো অমৃত কলহ যাত্ৰা সম্পন্ন

বৰপেটা জিলাৰ কলহভাঙা গাওঁ পঞ্চায়তৰ বীৰঙ্গণা ভি অৰ উদ্যোগত আৰু আত্ম সহায়ক গোটৰ সহযোগত অমৃত কলহ যাত্ৰা সভা অনুষ্ঠিত কৰে। ২০ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰ লৈকে নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতি ঘৰৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি সোমবাৰে পঞ্চায়তত মাটি সংমিশ্ৰণ কৰি এটা কলহত ভৰ্তি কৰে । পৰৱৰ্তী সময়ত এই মাটিখিনি দিল্লীলৈ যাব বুলি উল্লেখ কৰে । গাঁওখনৰ বহুতো বয়োজেষ্ঠ মহিলাৰ উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰায় ৫শতাধিক মহিলাই অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্য মণ্ডিত কৰি তোলে।

শালমৰাত গান্ধী জয়ন্তী উপলক্ষে বিশেষ গাঁওসভা আৰু অমৃত কলহ যাত্ৰা

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস আৰু আন্তঃজাতিক অহিংসা দিৱস"ৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ ডিমৌ মজলীয়া বিদ্যালয়ত সোমবাৰে শালমৰা গাঁও পঞ্চায়তৰ উদ্যোগত ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত বিশেষ গাঁওসভা অনুষ্ঠিত হয় ৷ গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা শৰ্মা মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু পঞ্চায়ত সদস্য কমল বৰকটকীয়ে আঁত ধৰা সভাখনত জাগীয়াল জিলা পৰিষদৰ সদস্যা কবিতা বৰাই চৰকাৰৰ অমৃত কলহ যাত্ৰাৰ ওপৰত ব্যক্তব্য ৰাখে ৷

ফুলগুৰি ৰাজ্যিক ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ এম পি ডব্লিউ কল্যাণ কুমাৰ বৰাই কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভৱ চিকিৎসা আঁচনিৰ বিশেষে ৰাইজক অৱগত কৰে ৷ নগাঁও জিলা বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি সঞ্জীৱ দেউৰীয়েও বক্তব্য দাঙি ধৰা সভাখনত গাঁও পঞ্চায়তৰ সচিব আৰ্মিন চুলতানা, এবিপিএম বাবুল ভৰালী, গাঁও পঞ্চায়তৰ উপসভাপতি অনিন্দ্ৰ বৰদলৈ, শক্তিকেন্দ্ৰৰ প্ৰমুখ মিন্টু কুমাৰ দেউৰীকে ধৰি ৱাৰ্ড সদস্যসকল, জীৱিকা সখী, আশাকৰ্মী আদিৰ লগতে ভালে সংখ্যক লোক উপস্থিত থাকে ৷ কণমানি শিল্পী অন্নেষা দেউৰীয়ে এটি সুন্দৰ নৃত্যৰে সকলোকে মোহিত কৰে ৷ ইয়াৰ পূৰ্বে "মোৰ মাটি মোৰ দেশ অভিযানৰ" অমৃত কলহ যাত্ৰাৰ কলহসমূহ বিভিন্ন গাঁৱৰ পৰা সমদল কৰি আনি শালমৰা পঞ্চায়ত কাৰ্যালয়ত গ্ৰহণ কৰা হয় ৷

কামপুৰৰ তেতেঁলীসৰা আৰু খুন্দা গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰাৰ অনুষ্ঠান

সোমবাৰে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কামপুৰৰ তেঁতেলীসৰা আৰু গাৰুখুনন্দা গাঁও পঞ্চায়তত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰে "অমৃত কলহ যাত্ৰা"ৰ অন্তিম কাৰ্যসূচী পলন কৰে। কামপুৰৰ গাৰুখুন্দা গাওঁপঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচীত অংশ লয় যঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে গৰুবাট মণ্ডল বি জে পিৰ সভাপতি শান্তুিৰাম বৰাৰ সভাপতিত্বত অনুস্থিত সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অমৃত কলহ যাত্ৰাৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত বহলায় বাখ্যা দাঙি ধৰে।সভাখনত কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া শ্বুৱেটা শৰ্মা লগতে কামপুৰ পৌৰসভাৰ উপসভাপতি জয়ন্ত ফুকন, তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, বি জে পি ৰাজ্যিক কাৰ্যনিৰ্বহক সদস্য বাবুল বৰা, কামপুৰ পৌৰ সভাৰ ৱাৰ্ড কমিচনাৰ অংকুমনি ৰয় শইকীয়া আদি উপস্থিত থাকে।

আনফালে কামপুৰৰ তেঁতেলীসৰা গাঁও পঞ্চয়তটো অমৃত কলহ যাত্ৰাৰ অনুষ্ঠানৰ লগতে গান্ধী জয়ন্তুীৰ উপলক্ষে এখন গাঁও সভা অনুষ্ঠিত হয়।পঞ্চায়তৰ সভাপতি দীন নাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে কামপুৰৰ চক্ৰবিষয়া অন্যনা লহকৰ। উল্লেখ্য যে পঞ্চায়তখনৰ প্রতিঘৰৰ পৰা এমুঠি মাটি এমুঠি চাউল অমৃত কলহত জমা ৰাখি অমৃত কলহৰ মাটি চক্ৰবিষয়াগৰাকীয়ে ধৰ্মীয় নীতি নিয়মৰে সংগ্ৰহ কৰি কঠীয়াতলী উন্নয়ন খণ্ডৰ জৰিয়তে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰে। গাওঁসভাখনত স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিনিধিয়ে অংশ লয়। তেঁতেলীসৰা গাঁও পঞ্চায়তৰ সভাপতি দীন নাথ বৰদলৈৰ লগতে পঞ্চায়তৰ সচিব সংগীত বৰাৰ তথা পঞ্চায়তখনৰ কৰ্মচাৰী, ৱাৰ্ডৰ সদস্যসকলৰ লগতে স্থানীয় বহু সংখ্যক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে।

GOVT OF ASSAM