ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা এ পি এছ চি কেলেংকাৰী সৈতে জড়িত ৩৪জন ৰাজপত্ৰিত বিষয়াক আটক কৰিছে এছ আই টিয়ে। বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগেৰে অভিযুক্ত এই বিষয়াসকলৰ নাম বিপ্লৱ শৰ্মা আয়োগত উল্লেখ আছিল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, উক্ত ৩৪জন ৰাজপত্রিত বিষয়াৰ ২জন ৰাজপত্রিত বিষয়াক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছে। এ এচ পি ঐশ্বৰ্য জীৱন বৰুৱা আৰু শ্বাহজাহান শৰখআৰক আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি জানিব পৰা গৈছে।
জানিব পৰামতে, আৰক্ষীয়ে বিষয়া ২জনক ৭ দিনৰ জিম্মাত বিচৰিছিল যদিও আদালতে আৰক্ষীক ৫ দিনৰ বাবে দুয়োকো জিম্মাত লোৱাৰ অনুমতি দিয়ে।
Also Read: অৱশেষত মৰ টোপনি ভাগিল ঢকুৱাখনা প্ৰশাসনৰঃ বান সাহায্য আহিল, পশু খাদ্যলৈ এতিয়াও অপেক্ষা…