কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !

কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !
কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে ৰণনীতি সম্পূৰ্ণ কৰিবলৈ আজি মহানগৰীৰ হোটেল লিলিত একত্ৰিত হৈছে ৰাজ্যৰ ১২ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব। অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিত বিজেপিৰ বিৰুদ্ধে এ আই ইউ ডি এফক বাদ দি আন আন বিৰোধী দলসমূহ একত্ৰিত হৈ মিত্ৰজোঁট গঠন কৰিছে।

এই মিত্ৰজোঁটে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে মাত্ৰ এজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ সৃষ্টি হোৱা কেতবোৰ বিতৰ্কই এই সিদ্ধান্তত প্ৰশ্নৰ অৱতাৰণা কৰিছিল। বিৰোধী ঐক্যত বিভেদৰ বাতৰিও সম্প্ৰচাৰিত হৈছিল। বিশেষকৈ কংগ্ৰেছে ১৪ টা লোকসভা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা ঘোষণা কৰাৰ পাছতে আৰম্ভ হৈছিল বিতৰ্ক। ইয়াৰ পাছতে অসম জাতীয় পৰিষদৰ ফালৰ পৰাও একাধিক সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা প্ৰকাশ কৰা হৈছিল।

তাৰ মাজতে আজি হোটেল লিলিত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকখন। বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত মূলতঃ আসন ভাগ-বতোৱাৰ কৰাৰ বিষয়ে আলোচনা হ'ব। অৱশ্যে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই বৈঠক আসন ভাগ-বতোৱাৰ কেন্দ্ৰিক নহয় বুলি মন্তব্য কৰিছে।

বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ইয়াৰ পূৰ্বে অনানুষ্ঠানিকভাৱে বিভিন্ন কথা কৈ আহিছিলো যদিও আজি আমি সকলোৱে আনুষ্ঠানিকভাৱে বৰ্তমান সময় কিধৰণে আগবাঢ়িলে আমাৰ সকলোৰে বাবে ভাল হব, ৰাজ্যখনৰ বাবে ভাল হব, ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব সেই বিষয়ে আলোচনা কৰিম।

ৰাজনৈতিক দলবোৰৰ মাজত আসন ভাগ-বতোৱাৰক কেন্দ্ৰ কৰি তেওঁ কয়, ৰাজনৈতিক দল এটাই নিৰ্বাচন খেলাৰ চিন্তা কৰাটো অমূলক কথা নহয়। অসমত ১৪ খন আসন আছে বুলি আমি সকলোৱেই জানো। মই প্ৰথমৰে পৰা কৈ আছো আমি যেতিয়া মিত্ৰতাৰে একেলগে নিৰ্বাচন খেলিব বিচাৰো তেতিয়া আমি ৱেইট লিফ্টিং পদ্ধতিৰে খেলিব লাগিব। ৱেইট লিফ্টিঙত আমি প্ৰথমে কিমা নিজৰ ওজন চাই লওঁ, কিমান ওজন ওঠাব পৰা শক্তি আছে।

ইয়াৰোপৰি তেওঁ কয়, ব্যক্তি আৰু দলৰ স্বাৰ্থক আমি এক নম্বৰত নাৰাখো। দেশৰ স্বাৰ্থ আৰু গণতন্ত্ৰ, সংবিধান ৰক্ষাৰ স্বাৰ্থ, স্বতন্ত্ৰ সংস্থাবোৰক ৰক্ষা কৰাৰ স্বাৰ্থ, বিভাজনকামী শক্তিক প্ৰতিহত কৰাৰ স্বাৰ্থ, ব্যক্তিগত উচ্চাকাংক্ষাক আমি প্ৰথম চৰ্ত হিচাপে লোৱা নাই। আমি সমষ্টি উন্নয়নক লৈ ৰাজনীতি কৰা নাই। আমি অসমৰ উন্নয়নক লৈহে কথা পাতি আছো। অসমৰ উন্নয়নৰ বাবে বিজেপি দলে ভিজন ডকুমেণ্টছত যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰি দিয়ক।

আনহাতে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই স্পষ্টকৈ কয়, তেওঁলোকে মুঠ ৫ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। তেওঁ কয়, এইখন মিটিঙে আসন ভাগ-বতোৱাৰ কৰিব নোৱাৰো। আসন ভাগ-বতোৱাৰা কৰিব ওপৰৰ লেভেলত। ইণ্ডিয়া এলায়েন্সৰ নেশ্যনেল কো অৰ্ডিনেচন কমিটীয়েহে আসন ভাগ বতোৱাৰা কৰিব। আমি প্ৰস্তাৱ দিবহে পাৰো।

তেওঁ কয়, তৃণমূল কংগ্ৰেছে আগতেই কৈছো আমি ৫ খন আসন বিচাৰিছো। এই বিষয়ে আমি লিখিত ভাৱে কেন্দ্ৰীয় নেতৃত্বক জনাইছো। ইফালে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয়, আমি যদিও তিনিখন আসনত খেলাৰ প্ৰস্তুতি চলাইছিলো তথাপিও আমি এখন আসনতে খেলাৰ সিদ্ধান্ত লৈছো। আমি বৰপেটাৰ আসনখনতে নিৰ্বাচনৰ খেলাৰ সিদ্ধান্ত লৈছো।

অৱশ্যে তেওঁ বিৰোধী ঐক্যই তেওঁলোকক আসন নিদিলেও কোনো কাৰণতে বিৰোধী ঐক্য ভাঙিবলৈ নিদিয়ে বুলিও স্পষ্ট কৰে। তেওঁ কয়, আজিৰ বৈঠকত অকল আসনৰ কথা পাতিবলৈ অহা নাই। নিৰ্বাচনলৈ আৰু ৫/৬ মাহ বাকী আছে। এতিয়াই আসন ভগোৱা, প্ৰাৰ্থী বাঁচনিৰ কাম কোনো ৰাজনৈতিক দলে নকৰে।

তেওঁ কয়,আমাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব, কেনে ধৰণে আগবাঢ়িম, বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী নিক্ষেপ কৰিব পাৰি, কেনেধৰণে প্ৰচাৰ কৰিম, যৌথভাৱে কাম কৰিম সেইবোৰ বিষয়তহে আলোচনা কৰিম। ইয়াৰোপৰি তেওঁ নিজেই লোকসভা নিৰ্বাচনত টিকট আশা নকৰাৰ কথা ঘোষণা কৰে। তেওঁ কয়, চি পি আই এমত আমাৰ কোনো প্ৰাৰ্থীত্ব প্ৰত্যাশী নাথাকে। দলে যাকে টিকত দিয়ে তেওঁৱেই প্ৰাৰ্থী হয়।

ইফালে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আজিৰ বৈঠকলৈ মূলতঃ এটা বিশেষ প্ৰস্তাৱ লৈ অহাৰ কথা প্ৰকাশ কৰিছে। তেওঁ আসনক লৈ ৰাইজৰ দলৰ পৰা কোনো প্ৰস্তাৱ নিদিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰোপৰি ১২ টা ৰাজনৈতিক দলৰ এই মৰ্চাক ১৩ টালৈ বৃদ্ধি কৰাৰ এক প্ৰস্তাৱৰ কথাও কয়। কাৰ্বি আংলঙৰ অল পাৰ্টি হিলছ লিডাৰছ কনফাৰেন্সকো বিৰোধী মৰ্চাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ দিব বুলিও কয়।

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কয়, ২০২৪ ত যদি আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো তেন্তে আমাৰ দেশ গণতান্ত্ৰিক দেশ হৈ নাথাকে। আমাৰ দেশ একনায়কত্ববাদী আৰু সাম্প্ৰদায়িক, ধৰ্মীয় মৌলবাদীৰ দেশত পৰিণত হ'ব। সেয়ে প্ৰত্যেকজন গণতান্ত্ৰিক নাগৰিকৰ আশা এইবাৰ সকলো বিৰোধী শক্তি একত্ৰিত হৈ বিজেপিক পৰাভূত কৰিব লাগে। কিন্তু আমাৰ কামকাজবোৰ পলম হৈ আছে। আমি যিমানদূৰ একেলগে আৰু খৰটকীয়াকৈ আগবাঢ়িব লাগে তেনেদৰে আগবাঢ়িব পৰা নাই।

বিধায়ক গগৈয়ে কয়, আজিৰ বৈঠকতে ২০২৪ ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী কেনেকুৱা হ'ব, আমি কেনেকৈ মানুহৰ মাজলৈ গৈ বিজেপিৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিব পাৰো আদি আটাইবোৰ বিষয় আলোচনা কৰা হ'ব। কোনো বিষয় বাকী নৰখাকৈ সকলো বিষয় আলোচনা কৰি কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰো সেই বিষয়ে এক সিদ্ধান্ত লৈ, সকলো যাতে একেলগে আগবাঢ়ি যাব পাৰো সেই বিষয়ে সিদ্ধান্ত লোৱা হ'ব।

কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !
তামিলনাডুৰ ৰাজভৱন আক্ৰমণঃ কাঠগড়াত শাসকীয় চৰকাৰ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in