ডিজিটেল সংবাদ শিলচৰ: আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ। এইবাৰ কাছাৰত 'পুষ্পা' চিনেমাৰ ষ্টাইলত তেলৰ টেংকাৰত সৰবৰাহ কৰা ২৭০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে। সম্প্ৰতি ভাৰতীয় তেল নিগমৰ তেল পৰিবহন কৰা টেংকাৰত অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহৰ নতুন কৌশল অবলম্বন কৰিছে চুপাৰি মাফিয়াই। মিজোৰামৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়ত লাইলাপুৰ আৰক্ষীৰ নাকা তালাচীত MZ-01-D-8675 নম্বৰৰ এখন চুপাৰি ভৰ্তি টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
ইফালে, ভুৱা নম্বৰ প্লেট লগাই বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা এখন ট্ৰাকো জব্দ কৰিবলৈ সক্ষম হয় লাইলাপুৰ আৰক্ষীয়ে৷ AS-01-EC-1672 নম্বৰৰ ট্ৰাক খনৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে ৪০ বস্তা চুপাৰি জব্দ কৰে৷ আৰক্ষীৰ চকুত ধূলি দি আচল নম্বৰ প্লেটৰ ওপৰত ভুৱা নম্বৰ প্লেট লগাই চুপাৰি সৰবৰাহৰ চেষ্টা চলাইছিল চুপাৰি ব্যৱসায়ীয়ে৷
উল্লেখ্য যে, অবৈধ চুপাৰি সৰহৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক কালাইনৰ কালিম উদ্দিন আৰু কাটিগৰাৰ আতাবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়ক: নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত উত্তাল ত্ৰিপুৰা !বিজেপি-চিপিআই (এম) সমৰ্থকৰ মাজত সংঘৰ্ষত গ্ৰেপ্তাৰ এজন....