'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'ৰ আজি দ্বিতীয় দিন

'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'ৰ আজি দ্বিতীয় দিন
Published on
Updated on

ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা 'দ্য কনক্লেভ-২০২৩'ৰ আজি দ্বিতীয় দিন। শনিবাৰৰ পৰা ব্যাপক আয়োজনেৰে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা 'দ্য কনক্লেফ-২০২৩'ৰ শুভাৰম্ভণী কৰে দেশৰ বিত্ত আৰু কৰ্পোৰেট এফায়াৰছ মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সমাজ, ক্ৰীড়া ক্ষেত্ৰৰ উপৰিও মহিলা আৰু শিশুৰ অধিকাৰ, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে গোলকীয় সমস্যাৰ বিষয়সমূহ বিতংভাৱে আলোচনা কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াক তুলি ধৰাৰ উদ্দেশ্যেৰেই আয়োজন কৰা হৈছে 'দ্য কনক্লেফ-২০২৩'। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ লগত ইতিমধ্যেই কেবাখনো আলোচনা চক্ৰ সমাপন হৈছে। যাদৱ পায়েং, স্বেতা মহন্ত, অংগৰাগ মহন্ত, জাহ্নু বৰুৱা, ইমটিয়াজ আলীকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিৰ সমাহাৰেৰে 'দ্য কনক্লেফ'ৰ প্ৰথম দিনটোৰ সফল সমাপ্তি ঘটে।

দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰূপে পুৱা ১০.৩০ বজাৰ পৰা থাকিব 'ফেচ টু ফেচ' শীৰ্ষক এক বিষেশ সাক্ষাৎকাৰ য'ত উপস্থিত থাকিব সাংসদ ৰাহুল গান্ধী। ইয়াৰ পিছতেই ১১.৪৫ বজাৰ পৰা আৰম্ভ হ'ব 'উত্তৰ পূৰ্বাঞ্চলৰ খেলৰ সপোন' শীৰ্ষক এক আলোচনা চক্ৰ যত অংশগ্ৰহণ কৰিব অভিজিৎ ভট্টাচাৰ্য, আস্থা চৌধূৰী আৰু প্ৰীতি দাহিয়া।

ইয়াৰ পিছতেই ১২.৪৫ বজাৰ পৰা আৰম্ভ হ\ব বিশেষ আলোচনা চক্ৰ য\ত অংশগ্ৰহণ কৰিব প্ৰদ্যূৎ মানিক্য দেৱ বৰ্মা, সঞ্জয় হাজৰিকা, সমুজ্জল ভট্টাচাৰ্য আৰু চেমুৱেল বি জুৱাৰাই। পৰৱৰ্তী কাৰ্যসূচীৰূপে থাকিব 'ইণ্ডিয়া বনাম এন ডি এ' শীৰ্ষক এক বিশেষ আলোচনা চক্ৰ য'ত উপস্থিত থাকিব সাংসদ গৌৰৱ গগৈ, গৌৰৱ ভাটিয়া, কে চি ত্যাগী আৰু প্ৰিয়ংকা কক্কৰ।

বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ফেচ টু ফেচ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে ৫.৩০ বজাৰ পৰা আৰু ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব দুটাকৈ বিশেষ আলোচনা চক্ৰ য'ত উপস্থিত থাকিব কেবাগৰাকীও বিশিষ্ট ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in