হাজোত ৩ সুদখোৰ গ্ৰেপ্তাৰ

এক প্ৰকাৰ ৰাজ্যৰ সুদখোৰৰ বিৰুদ্ধে জেহাদ ঘোষণা অসম আৰক্ষীৰ।

author-image
Asomiya Pratidin
New Update
হাজোত ৩ সুদখোৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, হাজোঃ এক প্ৰকাৰ ৰাজ্যৰ সুদখোৰৰ বিৰুদ্ধে জেহাদ ঘোষণা অসম আৰক্ষীৰ। ৰাজ্যৰ প্ৰতিটো কোণত অসম আৰক্ষীয়ে চলাইছে মৰাথান অভিযান। এইবাৰ হাজোতো চলিল সুদ খোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান । হাজো আৰক্ষী বিষয়া নবজিত নাথৰ নেতৃত্বত চলিছে সুদখোৰৰ বিৰুদ্ধে এক বৃহৎ অভিযান। নগদ ধন সহ আটক কৰিলে তিনি জনকৈ সুদ খোৰক।

হাজোৰ নতুন চড়াবড়ীৰ পৰা দুজন আৰু খপনিকুচি গাঁওৰ পৰা এজনক আটক কৰিছে হাজো আৰক্ষীয়ে। আটক কৰা ব্যক্তি কেইজন ক্ৰমে তাইজুদ্দিন আলী,আজিজুৰ ৰহমান আৰু মজিবৰ ৰহমান।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি সুদত পইচা দি এক প্ৰকাৰ তাণ্ডৱ চলাই আহিছিল এই সকললোকে। সুদত পইচা দি ওভতাই দিব নোৱালিলে এইসকল সুদ মফিয়াই মাটি বাৰী, সম্পত্তি , সোনৰ গহনা বলপূৰ্বক লৈ যোৱাৰ অভিযোগ আছে উঠিছে। সুদ দিব নোৱাৰি হাজোত এজন লোকে আত্মহত্যা কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল।

অসম আৰক্ষীৰ এনে যোগাত্মক পদক্ষেপক সচেতন ৰাইজে শলাগ লৈছে আৰু দুৰ্ধৰ্ষ সুদ খোৰ সকলক অতিশীঘ্ৰে আটক কৰাৰ বাবে আহ্বান জনাইছে।

Also Read: নলবাৰীত চাঞ্চল্য! স্বামীয়ে বিহ খুৱাই হত্যা কৰিলে পত্নী-পুত্ৰক...

Assam police hajo