ডিজিটেল ডেস্ক : এ পি এছ চি কেলেংকাৰীৰে নাম সাঙোৰ খোৱা ৩২জন ৰাজপত্ৰিত বিষয়াক আটক কৰিছে এছ আই টিয়ে। বক্ৰপথেৰে চাকৰি লোৱা ঘটনাৰে অভিযুক্ত বিষয়াসকলক মংলাবাৰে নিশা আটক কৰা হয়।
মনকৰিবলগীয়া যে,বিপ্লৱ শৰ্মা আয়োগত উল্লেখ আছিল আটাইকেইজননৰ নাম। প্ৰথম অৱস্থাত যেতিয়া ২০১৭-১৯ চনত এ পি এছ চি কেলেংকাৰীৰ কথা পোহৰলৈ আহিছিল তেতিয়া চাকৰি প্ৰাৰ্থীয়ে হওক নাইবা সাধাৰণ ৰাইজে হওক সকলোৱে চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল।
কিন্তু শেহতীয়াকৈ এ পি এছ চি কেলেংকাৰীত জড়িতসকলকলৈ চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাকলৈ প্ৰায় সকলোৰে মনত আশাৰ সঞ্চাৰ হৈছে। মেধাৱী শিক্ষাৰ্থীসকলে অন্ততঃ স্বস্তিৰ নিশ্বাস এৰিছে।
অৱশ্যে এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা তথা বিপ্লৱ শৰ্মা আয়োগত উল্লেখিত বিষয়াসকলৰ সম্পূৰ্ণ তালিকা সম্প্ৰতি লাভ কৰা নাই। সেয়ে বিষয়াসকলৰ নাম সম্প্ৰতি জানিব পৰা হোৱা নাই।
Also Read: উৎকোচ দিলেহে লাভ কৰিব চৰকাৰী আবাস ! মঙলদৈত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অভিযোগ