ডিজিটেল ডেস্কঃ ১৯৮৫ চনৰ ৩০ অক্টোবৰৰ দিনটোতে অসম চৰকাৰে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ মিচিং ভাষাক আঞ্চলিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলে ৩০ অক্টোবৰ দিনটোক ভাষা দিৱস হিচাপে পালন কৰি আহিছে ।
আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জাতীয় সংগঠনসমূহে বিভিন্ন কাৰ্যসূচীৰে মিচিং ভাষা দিৱস পালন কৰিছে। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি পুৱাই সামাজিক মাধ্যমৰ জৰিয়তে ৪০ সংখ্যক মিচিং ভাষা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
সেইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো আজি সামাজিক মাধ্যমৰ জৰিয়তেই মিচিং ভাষা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
তেওঁ এক্সত লিখিছে, বাৰে-ৰহণীয়া আমাৰ অসম ভূমি চহকী ভাষা-সাহিত্য-সংস্কৃতিৰ এক ঐক্য ভূমি৷ আমাৰ অন্যতম নৃগোষ্ঠী তথা চহকী লোক-সংস্কৃতি, বৰণীয়া সাংস্কৃতিক সম্ভাৰেৰে পুষ্ট মিচিং ভাই-ভনীসকলৰ আপোন মিচিং ভাষাটিৰ আজি ৪০সংখ্যক ভাষা স্বীকৃতি দিৱস৷ আজিৰ এই সুন্দৰ দিনটোত মিচিং ভাই-ভনী, ভাষাটোৰ হকে অহোপুৰুষাৰ্থ কৰি অহা বৰেণ্য ব্যক্তি তথা সংগঠনসমূহকে ধৰি সদৌটিলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ৷ আমি অসমৰ প্ৰতিটো ভাষাৰ উত্তৰণ, প্ৰচাৰ-প্ৰসাৰৰ হকে কাম কৰি আহিছোঁ আৰু আগলৈও ন ন পদক্ষেপেৰে সন্মান জনাই যাম৷
Also Read: ভাল পাইছো ৰঘুনাথ উৰণ সেতু সাজিছা, গছবোৰ পিছে কিয় কাটিছা ?