পুনৰ BSF ৰ সুৰক্ষা ভেদি ভাৰতত অনুপ্ৰৱেশ ৫ অবৈধ বাংলাদেশীৰ...
পুনৰ BSF ৰ সুৰক্ষা ভেদি ভাৰতত অনুপ্ৰৱেশ ৫ অবৈধ বাংলাদেশীৰ...

পুনৰ BSF ৰ সুৰক্ষা ভেদি ভাৰতত অনুপ্ৰৱেশ ৫ অবৈধ বাংলাদেশীৰ...

মানকাচৰ আৰক্ষীৰ নাকা চেনিঙত আটক ৫ বাংলাদেশীক স্বদেশলৈ উভতাই পঠোৱাৰ প্ৰস্তুতি
Published on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পদত্যাগ কৰি ভাৰতত আশ্ৰয় লোৱাৰ পাছৰে পৰা দেশৰ প্ৰায় ৪ হেজাৰ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছিল। কোনো অবৈধ বাংলাদেশীৰ যাতে অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ প্ৰতি বিএছএফে চোকা দৃষ্টি ৰখা বুলি দাবী কৰিছিল।

শেহতীয়াকৈ কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰে দালালৰ সহযোগত ১৩ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাত সীমান্তত বিএছএফৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছিল। পুনৰবাৰ বিএছএফৰ কটকটীয়া নিৰাপত্তা বেষ্টনি ভাঙি চুবুৰীয়া ৰাজ্য মেঘালয়-বাংলাদেশ সীমান্তৰে তিনিগৰাকী মহিলাসহ ৫ জনকৈ বাংলাদেশী লোক অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰে। অৱশ্যে এই পাঁচোগৰাকী বাংলাদেশী মানকাচৰ আৰক্ষীৰ হাতত কৰায়ত্ব হৈছে।

উল্লেখযোগ্য যে, আন দিনৰ দৰে দেওবাৰে নিশা প্ৰায় ১০ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমালাত মানকাচৰ আৰক্ষীৰ দল এটা গৃহৰক্ষী জোৱান আৰু চিআৰপিএফৰ সহযোগত নাকা বহুৱাই মেঘালয়ৰ পৰা প্ৰৱেশ কৰা বাহন সমূহত তালাচী চলাই আছিল। তেনে সময়ত এএছ ১৭ চি ৩৮০৮ নম্বৰৰ টোম্পো গাড়ীখন মিৰজুমালাত উপস্থিত হয়।

আৰক্ষীৰ সন্দেহ হোৱাত সোধা-পোছা কৰাত গাড়ীখনত থকা ৫ গৰাকী বাংলাদেশী আৰক্ষীৰ জালত পৰে। লগে লগে মানকাচৰ আৰক্ষীয়ে টেম্পো চালকসহ বাংলাদেশী কেইজনক আটক কৰি টোম্পো গাড়ীখন জব্দ কৰে।

ধৃত অবৈধ বাংলাদেশী কেইজনক বাংলাদেশৰ কুশতিয়া জিলাৰ মহেশকুনি গাঁৱক ৰোস্তম আলীৰ পুত্ৰ আকাশ হুছেইন, মুছলিম নগৰৰ ছলেমান মণ্ডলৰ পুত্ৰ ছফিকুল মণ্ডল, ডাকা জিলাৰ উত্তৰ খান গাঁৱৰ হালাল উদ্দীনৰ জীয়ৰী ছাবিনা আকতাৰ, নাৰায়নগঞ্জ জিলাৰ বন্দৰ চৌধুৰী গাঁৱৰ প্ৰয়াত ছাহিনুৰৰ জীয়ৰী চানতা আৰু বন্দৰ চৌধুৰীবাৰী গাঁৱৰ বাস্তু মিঞাৰ জীয়ৰী পীংকি আখতাৰ বুলি চিনাক্ত কৰা হৈছে।

ইফালে আৰক্ষীয়ে কৰায়ত্ব কৰা টেম্পো চালক জনক দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ পেচাৰকান্দি গাঁৱৰ আখিৰুল ইছলাম বুলি পৰিচয় পোৱা গৈছে। মানকাচৰ আৰক্ষীয়ে বাংলাদেশী নাগৰিক কেইজনক কৰায়ত্ব কৰাৰ পাচত আজি জিলা আৰক্ষী অধীক্ষক হৰেন টকবী মানকাচৰ থানাত উপস্থিত হৈ তেওঁলোকক জেৰা চলায়।

বিষয়টো ডিজিবিক অৱগত কৰা হৈছে। ডিজিপিৰ ফালৰ পৰা নিৰ্দেশনা আহিলে মানকাচৰ বিএছএফৰ সহযোগত বাংলাদেশ বৰ্ডাৰ গাৰ্ড অৰ্থাত বিজিপিৰ সৈতে ফ্লেগ মিটিং কৰি তেওঁলোকক স্বদেশলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

কিন্তু প্ৰশ্নৰ বিষয় এয়া যে, দেশৰ সুৰক্ষাৰ বাবে দেশৰ সীমান্তত নিয়োজিত হৈ থকা প্ৰথম শাৰীৰ বিএছএফ জোৱান সকলৰ কটকটীয়া নিৰাপত্তাৰ মাজত কিদৰে পুনৰ মেঘালয়-বাংলাদেশ সীমান্তৰে ৫ অবৈধ বাংলাদেশীৰ একেলগে অনুপ্ৰৱেশ ঘটিল ? টহলধাৰী জোৱানৰ অৱহেলাৰ বাবে বিএছএফৰ কটকটীয়া বেষ্টনি ভাংগি বাংলাদেশী কেইজন ভাৰতত প্ৰৱেশ কৰিলে নেকি তাক লৈ ভিন্ন মহলত বুঃবাঃ আৰম্ভ হৈছে।

জানিব পৰা মতে, বাংলাদেশী নাগৰিক কেইজন অবৈধ ভাৱে ভাৰতত প্ৰবেশ কৰাৰ পাচত তেওঁলোক মানকাচৰত আশ্ৰয় লৈ বাংগালুৰুলৈ কৰ্মৰ সন্ধানত যোৱাৰ কথা আছিল। কিন্তু কোনে এই বাংলাদেশী কেইজনক কৰ্মসংস্থাপন দিবলৈ আনিছে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব যদিও এই কাণ্ডৰ সৈতে কোনো দালাল জড়িত হৈ আছে নেকি তাক লৈও প্ৰশ্নৰ উদয় হৈছে।

পুনৰ BSF ৰ সুৰক্ষা ভেদি ভাৰতত অনুপ্ৰৱেশ ৫ অবৈধ বাংলাদেশীৰ...
আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in