ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ গোলকগঞ্জ থানাৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বিলাসী বাহনসহ ৫ টা গৰু জব্দ কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা প্ৰায় ১২-০০ বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত এই অভিযান চলোৱা হয়।
অভিযানত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱাৰ পৰা এএছ ০১ ই ৩২৪৭ নম্বৰৰ ছেন্ট্ৰ' বাহন এখন অনুসৰণ কৰি যোৱাৰ পিচত পশ্চিম কানুৰীত স্থানীয় ৰাইজৰ সহযোগত গাড়ীখন আটক কৰে। অৱশ্যে চালকজন পলাই যাবলৈ সক্ষম হয়।
ইয়াৰ পাছত আৰক্ষীয়ে বাহনখনৰ পৰা ৫ টা চোৰাং গৰু উদ্ধাৰ কৰে। আৰক্ষীৰ দলটোৱে বাহনখনসহ জব্দকৃত গৰুকেইটা গোলকগঞ্জ আৰক্ষী থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Also Read: ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ট্ৰেডিং শিক্ষাৰ ভুৱা প্ৰতিষ্ঠান