ডিজিটেল ডেস্ক : ১৯৫২ চনত স্থাপন হোৱা ভাৰতীয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ হৈছে এছিয়া মহাদেশৰ এক অন্যতম চলচিত্ৰ মহোৎসৱ । ২০২২ বৰ্ষত এই চলচিত্ৰ মহোৎসৱত উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চলচিত্ৰ সমূহ । ভাৰতীয় চলচিত্ৰ জগত বুলিলে যে কেৱল বলিউডেই নহয় বৰং স্বাধীন পৰিচালক সকলকো বুজা যায় সেই কথাই প্ৰতিপন্ন কৰিলে এইবাৰৰ চলচিত্ৰ মহোৎসৱে ।
ইয়াৰ সৈতেই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ল বিশিষ্ট পৰিচালক সত্যজিৎ ৰায়ৰ 'শ্বতৰঞ্জ কে খিলাড়ী' নামৰ বিখ্যাত চলচিত্ৰ খনি । স্ৱাধীনতাৰ ৭৫ টা বছৰৰ গৌৰৱোজ্জ্বল ইতিহাসক সুঁৱৰি প্ৰদৰ্শন কৰা হয় ৰায়ৰ এই বোলছবি খন ।
কিন্তু এইবাৰৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা আন এটি বিষয়েহে মন মুহিলে দৰ্শকৰ । চলচিত্ৰ মহোৎসৱ খনিত প্ৰদৰ্শন কৰা হ'ল মণিপুৰী চলচিত্ৰ জগতৰ গৌৰৱজ্জ্বল ৫০ টা বছৰৰ যাত্ৰা । সততেই অশান্ত বুলি পৰিচিত উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰত এই ৫০ টা বছৰত নিৰ্মাণ কৰা হৈছিল বহু কেইখন খ্যাত অখ্যাত মনিপুৰী চিনেমা ।
উল্লেখ্য যে, মণিপুৰী চলচিত্ৰ জগতত তথ্যচিত্ৰৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৩০তেই । আনহাতে, দেব কুমাৰ বসুৱে ১৯৭২ চনত নিৰ্মাণ কৰা 'মাতামগি মণিপুৰ' হৈছিল প্ৰথমখনি সম্পূৰ্ণ দৈৰ্ঘ্যৰ মণিপুৰী চিনেমা । এই চলচিত্ৰ খনৰ জৰিয়তেই মণিপুৰী চলচিত্ৰ জগতে এক বলিষ্ঠ প্ৰৱেশ ঘটাইছিল ভাৰতীয় চিনেমাত আৰু প্ৰমাণ কৰিছিল মধ্যবিত্তীয় ভাৱধাৰাৰ চলচিত্ৰ এখন কিমান শক্তিশালী হ'ব পাৰে । এই চলচিত্ৰ খনতেই বসুৱে সদা সলনি হৈ থকা সমাজ খনৰ বিপৰীতে এটি পৰিয়ালে কৰিব লগীয়া সংগ্ৰামৰ দাঙি ধৰিছিল ।
আনহাতে, ২০১১ চনত নিৰ্মাণ কৰা বৰুণ থকচমৰ চুটি ছবি 'দা চাইলেন্ট পয়েট' এ মণিপুৰৰ আইৰন লেডি খ্যাত ইৰম শৰ্মিলাৰ জীৱনকাল দাঙি ধৰা হৈছিল অতি সুন্দৰ ধৰণে ।
মণিপুৰী চলচিত্ৰ হৈছে আধুনিকতা আৰু পুৰণি পৰম্পৰাৰ মাজত ছেদেলি ভেদেলি হৈ পৰা এখন সমাজৰ ছবি । যি ছবিত প্ৰখৰ সোতত ভাঘি পৰে সপোন । ধ্ৰুপদী আৰু উত্তৰ আধুনিকতাৰ স্পৰ্শ একে সময়তেই ফুটাই তুলিব পৰা এই কলা মণিপুৰী চিনেমাই আয়ত্ত কৰিছিল কাহানিবাই । আৰু তাৰেই বহি: প্ৰকাশ ঘটিল চলিত বৰ্ষৰ ভাৰতীয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত ।
আৰু পঢ়ক : বিজেপি সভাপতি ভৱেশ কলিতাৰ ছত্ৰছায়াত কাজিৰঙাত কাঠ চিণ্ডিকেট...