ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : আঠখেলীয়া নামঘৰত ৫০ হাজাৰ বন্তি প্ৰজ্বলন

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : আঠখেলীয়া নামঘৰত ৫০ হাজাৰ বন্তি প্ৰজ্বলন
Published on
Updated on

ডিজিটেল সংবাদ,ঘিলাধাৰী : সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাক লৈ সমগ্ৰ দেশৰ সমান্তৰালকৈ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰতো এক উখলমাখল পৰিৱেশে বিৰাজ কৰিছে ৷ আঠখেলীয়া নামঘৰ কৰ্ণধাৰ সমিতি উদ্যোগত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পদুমণি খণ্ড আৰু ৰাইজৰ সহযোগত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আঠখেলীয়া নাৱবৈছা তিনিআলিৰ পৰা গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰলৈ প্ৰায় ৩কিঃমিঃ পৰ্যন্ত ৫০ হাজাৰ বন্তি প্ৰজ্বলন কৰা হয় ৷

এই কাৰ্যসূচীত বিত্তমন্ত্ৰী মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ আঠখেলীয়া নামঘৰ বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে ৷ ইয়াৰ পিছতে জয় শ্ৰীৰাম ধ্বনিৰে আঠখেলীয়া অঞ্চল মুখৰ হৈ পৰে ৷

ইয়াৰোপৰি বৃহত্তৰ ঘিলাধাৰী মৌজাৰ গ্ৰামাঞ্চলৰ নামঘৰে নামঘৰে দিনৰ ভাগত অনুষ্ঠিত হৈছে নামপ্ৰসঙ্গ আৰু সন্ধ্যা ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰাত এক আধ্যাত্মিক পৰিৱেশৰ লগতে উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হৈছে ৷

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : আঠখেলীয়া নামঘৰত ৫০ হাজাৰ বন্তি প্ৰজ্বলন
বিৰোধী দলৰ ওপৰত আক্ৰমণ, বুদ্ধিজীৱীৰ বিৰুদ্ধে ভীতি প্ৰদৰ্শন হ'ল স্বৈৰাচাৰী শাসনৰ উৎকট ৰূপ : কা বিৰোধী সমন্বয় সমিতি, অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in