ডিজিটেল সংবাদ,ৰঙিয়া : সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো অবিস্মৰণীয় মহাবীৰ, সাহিত্য কলাৰ পৃষ্ঠপোষক কোচ ৰাজবংশীয় পৰাক্ৰমী যোদ্ধা চিলাৰায়ৰ ৫১৪ সংখ্যক জয়ন্তী অনুষ্ঠিত কৰা হ'ব । ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ৰঙিয়াৰ হচং মধুকুছি গোপাল মন্দিৰ প্ৰাংগনত অনুষ্ঠিতব্য বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু ৮৭ সংখ্যক মাঘী সভা পালনৰ বাবে প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ।
উল্লেখযোগ্য যে, প্ৰতিবছৰে দুদিনীয়াকৈ অনুষ্ঠিত হৈ আহিছে চিলাৰায় দিৱস আৰু মাঘী সভা। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ২৩ ফেব্ৰুৱাৰী দিনা পুৱা ৮-০০ বজাত পৰিৱেশ নিকাকৰণ, ৮-৩০ বজাত চিলাৰায় এম ই স্কুলৰ প্ৰধান শিক্ষক কৃৰ্ত্তীৰাম ৰাজবংশীৰ দ্বাৰা মাঘী সভাৰ মুখ্য দ্বাৰ উন্মোচন কৰা হ'ব।
আনহাতে, মাঘী সভাৰ পতাকা উত্তোলন কৰিব কোচ কমিটিৰ সভাপতি তপন চন্দ্ৰ দাসে। সভা উপলক্ষে জ্যেষ্ঠ ব্যক্তিৰ জৰিয়তে ৮৬ খন পতাকা উত্তোলন, তাৰ পিছত স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, পুৱা ১০-০০ বজাত ভাগৱত শোভাযাত্ৰা উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অৰবিন্দ দাসে।
দিনৰ ২-০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, সন্ধিয়া ৫-০০ বজাত আৰিয়া প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্য আৰিয়া প্ৰজ্বলক হিচাপে উপস্থিত থাকিব ক'লাজল হাইস্কুলৰ সহকাৰী শিক্ষক হিতেশ দাস, পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি কেইবাগৰাকীও ব্যক্তি ।
সন্ধিয়া ৭-০০ বজাত শৰাই বিতৰণৰ পিছতেই মহিলা পাঠিকাদ্বয় ৰুণুমী নাথ আৰু গীতামণি নাথে নাগাৰা নাম পৰিবেশন কৰিব। নাগাৰা নাম উদ্বোধন কৰিব গুৱাহাটীৰ গোপাল বড়ো হাইস্কুলৰ সহঃ শিক্ষয়িত্ৰী দিপালী দাস চৌধুৰীয়ে ।
ইফালে ২৪ ফেব্ৰুৱাৰীৰ দিনা বিশ্ব মহাবীৰ চিলাৰায় জয়ন্তী উপলক্ষে পুৱা ৬-৩০ বজাত পৰিৱেশ নিকাকৰণ,ঊষা কীৰ্তন আৰু পতাকা উত্তোলন কৰা হ'ব। উত্তোলক হিচাপে থাকিব ৰমণী ৰাজবংশী। পুৱা ৯-০০ বজাত বিশ্ব মহাবীৰ চিলাৰায়ৰ মূৰ্ত্তিত মাল্যাপৰ্ণ, তাৰ পিছত স্মৃতি তৰ্পণ।
১০-০০ বজাত বিষ্ণু হোম, ভাগৱত পাঠ, পুষ্পাঞ্জলী, প্ৰসাদ আৰু মহাভোগ গ্ৰহণ। আবেলি ৩-০০ বজাত মুকলি সভা অনুষ্ঠিত কৰা হ'ব । সভাত নিৰ্দিষ্ট বক্তাৰূপে সদৌ অসম কোচ ৰাজবংশী পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ,মংগলদৈ লোকসভাৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু নলবাৰী উপ পৌৰপতি ড° ৰবীন দাস।
ইয়াৰোপৰি বিশিষ্ট অতিথি হিচাপে মহকুমাধিপতি দিপন বৰ্মনকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। ইয়াৰ পাছত সন্ধিয়া ৭-০০ বজাত বন্তি প্ৰজ্বলন অনুষ্ঠান, প্ৰজ্বলক হিচাপে উপস্থিত থাকিব বিশিষ্ট সমাজসেৱক তৰুণ দাস, মহিলা নাগাৰা নামৰ পাঠিকা বসুমতী তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি। আনহাতে নিশা ৮-০০ বজাত যাদু প্ৰদৰ্শনৰ লগতে নলবাৰীৰ মুগকুছি নাট্য গোষ্ঠীৰ নাট প্ৰদৰ্শনেৰে মাঘী সভা আৰু ৫১৪ সংখ্যক চিলাৰায় দিৱসৰ সামৰণি পৰিব।
Also Read: বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী : আহি আছে ধুমুহা-বৃষ্টিপাত