বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত এন আই পি ই আৰ গুৱাহাটীৰ ৬বিজ্ঞানীৰ নাম

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত এন আই পি ই আৰ গুৱাহাটীৰ ৬বিজ্ঞানীৰ নাম

Published on

ডিজিটেল ডেস্ক : বিশ্ব বিখ্যাত বিশ্ববিদ্যালয় ষ্টেণ্ডফৰ্ড ইউনিভাৰ্চিটীয়ে তালিকাভুক্ত কৰা বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছৰ ৬গৰাকী গৱেষক-শিক্ষকে স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে ২০২৪ বৰ্ষৰ বাবে বিশ্বৰ ২ শতাংশ শীৰ্ষ বিজ্ঞানীৰ নাম তেঁওলোকৰ গৱেষণা পত্ৰ আৰু অন্যান্য কৰ্মৰ মূল্যয়নৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰিছে।

তালিকাখনত পঞ্চমবাৰৰ বাবে এন আই পি ই আৰ গুৱাহাটীৰ শিক্ষক-গৱেষকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই তালিকাত স্থান লাভ কৰা নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিটিকেল ইডুকেশ্যন এণ্ড ৰিচাৰ্ছৰ শিক্ষকসকল ক্ৰমে- ড০ সঞ্জয় বেনাৰ্জী, (সহযোগী ডিন), জৈৱ প্ৰযুক্তিবিদ্যাৰ সহযোগী অধ্যাপক, ড০ অমিত আলেকজেণ্ডাৰ ফাৰ্মাচিউটিক্সৰ সহযোগী অধ্যাপক, ড০ শুভম বেনাৰ্জী, ফাৰ্মাচিউটিক্সৰ সহযোগী অধ্যাপক, ড০ বিকাশ আনন্দ, সহযোগী অধ্যাপক ফাৰ্মাচিউটিকেল প্ৰযুক্তি, ডাঃ বিদ্যাধৰ চাহু, সহযোগী অধ্যাপক ফাৰ্মাকোলজী আৰু টক্সিকোলজী,  ড০ সৌৰভ কুমাৰ, সহযোগী অধ্যাপক মেডিকেল ডিভাইছ।

এন আই পি ই আৰ গুৱাহাটীৰ সঞ্চালক ড০ ইউ এছ এন মূৰ্তিয়ে এই তালিকাভুক্ত হোৱা শিক্ষকসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু ইয়াক এক উল্লেখযোগ্য প্ৰাপ্তি বুলি উল্লেখ কৰে।

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত এন আই পি ই আৰ গুৱাহাটীৰ ৬বিজ্ঞানীৰ নাম
বিহালী শিক্ষাখণ্ডত অৰাজকতা : শিক্ষকে পালন নকৰে চৰকাৰী নীতি- নিৰ্দেশনা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in