ডিজিটেল সংবাদ, শিমলুগুৰিঃ নাৰায়ণপুৰৰ পানবাৰীত সংঘটিত হয় মাহ প্ৰসাদত বিষক্ৰিয়া । ভাদ মাহৰ নামৰ প্ৰসাদ গ্ৰহণ কৰি গাঁওখনৰ প্ৰায় ৬০ গৰাকীকৈ লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । আক্ৰান্ত লোকসকলৰ বমি,পেটৰ বিষ,মূৰৰ বিষ, শৌচ হোৱাত তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত যোৱাৰাতি ভৰ্তি কৰোৱা হয় । অৱশ্যে ইয়াৰে কেইবাজনো লোক চিকিৎসাৰ পিছত কিছু পৰিমাণে আৰোগ্য হৈছে যদিও গৰিষ্ঠ সংখ্যকেই সম্প্ৰতি ঘৰতে চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে, ৰাজ্যখনত মাহ-প্ৰসাদৰ বিষক্ৰিয়াৰ ফলত চিকিৎসাধীন হোৱা ঘটনা নতুন নহয়, ইয়াৰ পূৰ্বেও এনে বিষক্ৰিয়াৰ ফলত বিভিন্ন সময়ত বহু লোকৰ মৃত্যু পৰ্যন্ত ঘটিছে। এনে বিষক্ৰিয়াৰ বাবে মূলত: অনিষ্টকাৰী কীটনাশকৰ ব্যৱহাৰেই দায়ী যদিও প্ৰশাসনে এনে কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত আৰোপ লগোৱা নাই আজিকোপতি ।
আৰু পঢ়ক : লালুং গাঁও, ভেটিয়নী গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আৰু গাঞ্জা বেপাৰী আটক…