জোনাইত পথ দুৰ্ঘটনা : ৭ জন আহত

জোনাইত পথ দুৰ্ঘটনা : ৭ জন আহত
Published on
Updated on

ডিজিটেল সংবাদ,জোনাই : জোনাইৰ উজনি বিজয়পুৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে আবেলি প্ৰায় ৫-০০ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। জানিব পৰা মতে AS 07 AC 4861 নম্বৰযুক্ত এখন যাত্ৰীবাহী মেজিক আৰু AS 06T 8707 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত দুয়োখন বাহনত থকা মুঠ ৭জনকৈ লোক গুৰুতৰভাৱে আহত হয়। লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যক্তিসকলক উদ্ধাৰ কৰি ১০৮ সেৱাৰ সহায়ত জোনাইৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰ আৰু ৰোনাচাৰ দিৱজনী নাৰ্ছিং হোম লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

জোনাইত পথ দুৰ্ঘটনা : ৭ জন আহত
শিৱসাগৰত অনুষ্ঠিত সদৌ অসম মুকলি প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in