'অসম বাণী'য়ে অতিক্ৰম কৰিলে ৭০ বছৰীয়া পৰিক্ৰমা...

'অসম বাণী'য়ে অতিক্ৰম কৰিলে ৭০ বছৰীয়া পৰিক্ৰমা...
'অসম বাণী'য়ে অতিক্ৰম কৰিলে ৭০ বছৰীয়া পৰিক্ৰমা...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ 'আছাম ট্রিবিউন' গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত 'অসম বাণী'য়ে আজি ৭০ বছৰত পদার্পণ কৰে। সিংহপুৰুষ বাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত ১৯৫৫ চনৰ ১ জুলাইত আত্মপ্রকাশ কৰা কাকতখনে প্রয়াত সতীশ চন্দ্র কাকতি, তিলক হাজৰিকা, ফণী তালুকদাৰ, নিৰোদ চৌধুৰী, হোমেন বৰগোহাঞি, চন্দ্রপ্রসাদ শইকীয়া আৰু বৰ্তমানৰ সম্পাদক দিলীপ চন্দনৰ সম্পাদনাত ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ কৰি স্বকীয় পৰিচয় বৰ্তাই ৰাখিছে।

জাতীয় জীৱনৰ প্রতিটো সৰু-বৰ ঘটনা-পৰিস্থিতিত কাকতখনে সৰৱ ভূমিকাৰে কেৱল ৰাইজৰ পক্ষত অৱস্থান গ্রহণ কৰি আহিছে। কাকতখনৰ ৭০ সংখ্যক বর্ষপূর্তি উপলক্ষে আজি 'অসম বাণী'ৰ সম্পাদক দিলীপ চন্দন প্রমুখ্যে কর্মীসকলে প্রতিষ্ঠানৰ পৰিচালন সঞ্চালক প্রফুল্ল গোবিন্দ বৰুৱা আৰু সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাক সম্বর্ধনা জনায়।

তদুপৰি সম্পাদক দিলীপ চন্দনৰ পৌৰোহিত্যত কাকতখনৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত আছাম ট্রিবিউন এম্লইজ ইউনিয়নৰ সভাপতি শিৱপ্রসাদ ডেকা, সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতা, প্ৰেছ প্ৰৱন্ধক অসীম কুমাৰ ডেকা প্রমুখ্যে 'অসম বাণী'ৰ কর্মীবৃন্দ উপস্থিত থাকে।

সভাত বক্তাসকলে 'অসম বাণী'ৰ গৌৰবোজ্জ্বল ইতিহাস স্মৰণ কৰি বক্তব্য আগবঢ়ায়। লগতে ভৱিষ্যতৰ দিনবোৰতো কাকতখনে এই ধাৰা অক্ষুণ্ণ ৰাখিব বুলি আশা প্রকাশ কৰে। উল্লেখ্য যে, পুৱাৰ ভাগত 'অসম বাণী'ৰ কর্মীবৃন্দই দীঘলীপুখুৰীস্থিত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্রতিমূর্তিত বস্তি প্রজ্বলন আৰু মাল্যার্পণ কৰে।

'অসম বাণী'য়ে অতিক্ৰম কৰিলে ৭০ বছৰীয়া পৰিক্ৰমা...
শতায়ু গৰকা বৃদ্ধৰ ভূমি দখলেৰে উচ্ছেদিত পৰিয়ালক সংস্থাপন ভূ-মাফিয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in