ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যৰ আন স্থানৰ লগতে নগাঁও জিলাটো আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে বৃহস্পতি বাৰৰ সন্ধ্যাৰ পৰা নিশাটো তীব্ৰ অভিযান চলায় ৷ এই অভিযান কালত ৭৪ জন লোকক আটক কৰে আৰক্ষীয়ে ৷ মাটিৰ দালালৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চলোৱা অভিযানৰ পিছত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহস্পতি বাৰৰ নিশা চলাই বৃহৎ অভিযান ৷
নগাঁও জিলাৰ নগাঁও সদৰ থানাই ১১ , ৰূপহীহাটে ৭ ,বটদ্ৰবাই ৬ , ধিঙে ১১ , ৰহাই ১২ , কামপুৰে ৭ , কচুৱাই ১ উলুৱনীয়ে ২ , চামগুৰিয়ে ৪ , জখলাবন্ধাই ৫ , কলিয়াবৰে ২ , জুৰীয়া থানাই ৬ জনক আটক কৰে ৷ জিলাখনৰ বিভিন্ন থানাত ৰুজু হোৱা ১৪৩ টা গোচৰৰ বিপৰিতে এই সকল লোকক আটক কৰা হৈছে ৷
এই সকল লোকৰ বিপৰিতে আৰু অধিক লোকক আৰক্ষীয়ে থানাই থানাই আৰক্ষীয়ে আটক কৰি সোধপোচ কৰি আছে ৷ বিবাহৰ নথি পত্ৰ পৰীক্ষা কৰি থকা বুলি জানিব পৰা গৈছে ৷ সেয়ে সোধপোচ চলাই থকা লোকসকলৰ তথ্য আৰক্ষীয়ে ৰাজহুৱা কৰা নাই ৷
আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত ৰূপহীহাটৰ পৰা এখন ট্ৰেভেলাৰত ২৯ জনকৈ যুবকক বৃহস্পতিবাৰৰ নিশা আটক কৰিছে ৷ আটক কৰা দলটো নিশা ট্ৰেভেলাৰ ভাড়া কৰি কেৰেলালৈ পলায়নৰ চেষ্টা কৰিছিল ৷ আৰক্ষীৰ সন্দেহ আটাইকেইজনে বাল্য বিবাহৰে জড়িত ৷
আৰু পঢ়ক :