৩ বিধ থলুৱা পানীয়, ৪ বিধ খাদ্য সামগ্ৰী আৰু বস্ত্ৰই লাভ কৰিলে জি আই টেগ

কিছু মাহ পূৰ্বে কৃষিজাত সামগ্ৰী, থলুৱা বাদ্য, পোচাকে লাভ কৰিছিল জি আই টেগ
৩ বিধ থলুৱা পানীয়, ৪ বিধ খাদ্য সামগ্ৰী আৰু বস্ত্ৰই লাভ কৰিলে জি আই টেগ
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ অসমৰ ৮ টাকৈ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ। বড়ো জনগোষ্ঠীৰ এই আঠ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাশৰৰ থলুৱা পানীয়।

উল্লেখ যোগ্য যে, Bodo Traditional Brewers Association য়ে তিনি প্ৰকাৰৰ থলুৱা পানীয়ক জি আই টেগ দিবৰ বাবে আবেদন কৰিছিল। এই তিনি প্ৰকাৰৰ থলুৱা পানীয় হৈছে বড়োসকলৰ পৰম্পৰাগত বড়ো জৌ গোৱৰণ (Bodo Jou Gwran), মাইব্ৰা জৌ বিদ্বি (Maibra Jou Bidwi) আৰু বড়ো জৌ গিছি (Bodo Jou Gish)।

ইয়াৰে বড়ো জৌ গোৱৰণত ১৬.১১ শতাংশ এলকহলৰ উপস্থিতি আছে। মাইব্ৰা জৌ বিদ্বি বড়ো সম্প্ৰদায়ে আলহী, অতিথিক আদৰাৰ সময়ত আগবঢ়ায়। অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা পৰম্পৰাগত পানীয়ৰ ব্যৱস্থা আছে।

চাউলৰ পৰা তৈয়াৰ কৰা এই পানীয়ক তেওঁলোকে ভগৱান শিৱৰ পৰা লাভ কৰা ঔষধিযুক্ত পানীয় বুলি গণ্য কৰে। Association of Traditional Food Products য়ে মুঠ চাৰিটা খাদ্য সামগ্ৰীৰ বাবে জি আই টেগ বিচাৰি আবেদন কৰিছিল।

এই চাৰিওটা সামগ্ৰীয়েই জি আই টেগ লাভ কৰিছে। এই খাদ্য সামগ্ৰীৰ ভিতৰত আছে বড়ো নাফাম (Bodo Napham), বড়ো অনলা (Bodo Ondla), বড়ো গোৱাখাও (Bodo Gwkha) আৰু বড়ো নাৰ্জী (Bodo Narzi)।

শুকান মাছৰ দ্বাৰা প্ৰস্তুত কৰা হয় বড়ো নাফাম। বড়ো লোকসকলে বিভিন্ন কৌশল ব্যৱহাৰ কৰি মাছ সংৰক্ষণ কৰি আহিছে। যাৰ ভিতৰত আছে ধোঁৱাৰে শুকোৱাই, ৰ’দত শুকোৱাই, নিমখ দি, মছলা আদি সানি মাছ শুকুৱাই দীৰ্ঘদিনলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা।

আন এবিধ খাদ্য হৈছে বড়ো অনলা। এই খাদ্য বিধ নহৰু, আদা, নিমখ আৰু খাৰৰ জৰিয়তে পিঠাগুৰিৰে তৈয়াৰ কৰা হয়। বৈখাগু উৎসৱৰ সময়ত প্ৰস্তুত কৰা বড়ো গোৱাখাও লাভ কৰিছে জি আই টেগ। বড়ো গোৱাখাক গোৱাকা গোৱাখি বুলিও জনা যায়।

মৰাপাটৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাৰ্জীয়েও লাভ কৰিছে জি আই টেগ। এই খাদ্য স্বাস্থ্যৰ বাবে অতি উপযোগী বুলি বিশ্বাস কৰা হয়। এয়া প্ৰচুৰ পৰিমাণে ফেটি এচিড, ভিটামিন, কেলচিয়াম আৰু মেগনেছিয়ামেৰে সমৃদ্ধ।

এই কেইবিধ খাদ্য সামগ্ৰীৰ উপৰিও বড়োসকলে ব্যৱহাৰ কৰা জনপ্ৰিয় গলবস্ত্ৰ আৰনায়েও লাভ কৰিছে জি আই টেগ। বড়ো সকলৰ এইখন আৰনায় তেওঁলোকে উৎসৱৰ সময়ত নৃত্যৰ পোচাকৰ সৈতে পৰিধান কৰে। এই আৰনাইত ফুটি উঠে প্ৰকৃতিৰ ৰূপ।

এইদৰেই বড়ো সকলৰ মুঠ ৩ বিধ পানীয়, ৪ বিধ থলুৱা খাদ্য আৰু এবিধ বস্ত্ৰই পুনৰ জি আই টেগ লাভ কৰিছে। ইয়াৰ পূৰ্বে কেইমাহ মানৰ আগে অসমৰ কেইবা বিধো সামগ্ৰীয়ে লাভ কৰিছিল জি আই টেগ। যাৰ ভিতৰত আছিল বড়ো সকলৰ খাম, চিফুং, জথা, ছেৰজা, গংণা, থৰকা, দখনা, বড়ো গামছাৰ লগতে আন কেইবাবিধো কৃষিজাত সামগ্ৰীয়েও লাভ কৰিছিল জি আই টেগ।

৩ বিধ থলুৱা পানীয়, ৪ বিধ খাদ্য সামগ্ৰী আৰু বস্ত্ৰই লাভ কৰিলে জি আই টেগ
মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in