বাৰপূজীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক অধিবেশন আৰম্ভ

বাৰপূজীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক অধিবেশন আৰম্ভ
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়াঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশন খনি শনিবাৰৰ পৰা দুদিনীয়াকৈ সৎচিদানন্দ আঞ্চলিক শাখাৰ আতিথ্যত পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ সমন্বয় ক্ষেত্ৰ,বাৰপূজীয়া শংকৰ মন্দিৰ প্ৰাংগণত আৰম্ভ হৈছে।

আজি পুৱা সৎচিদানন্দ আঞ্চলিক শাখাৰ সভাপতি লক্ষেশ্বৰ দাস বাপৰ পৰিচালনাত প্ৰাতঃ প্ৰসঙ্গ,নগাঁও জিলা শাখাৰ সেনাবাহিনীৰ ব্যৱস্থাপনাত পৰিবেশ নিকাকৰণ,তিৱা স্বায়ত্ত্ব পৰিষদৰ সদস্যা গীতামণি কলিতা ভূঞা আই বৃক্ষ ৰোপন কৰে। কপিলী আঞ্চলিক পঞ্চায়তৰ সদস্যা হিমাদ্ৰী কোঁৱৰ সেৱা বাহিনীৰ শিবিৰ উদ্ধোধন,সৎচিদানন্দ আঞ্চলিক শাখাৰ নৱনিবাচিত সভাপতি প্ৰহ্লাদ ডেকাৰ মূল তোৰন উদ্ধোধন, বাৰপুজীয়া জিলা পৰিষদৰ সদস্য যতিন দাসৰ দ্বাৰা প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰে।

মৰিগাঁও জিলাৰ শুকুৰাম ডেকাৰ দ্বাৰা ভোজনালয় দ্বাৰ উন্মোচন হোৱাৰ পিছত পুৱা ১০ বজাত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক আৰু বিয়লি ২ বজাৰ পৰা প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হয়। শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ শৰণ সদস্য তৰুণ চন্দ্ৰ ডেকাই উদ্বোধন কৰা প্ৰতিনিধি সভাখনি সঞ্চালনা কৰে জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাই।

সন্ধ্যা শিশু,আই মাতৃ কল্যাণ শাখা আৰু সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত নিশা নৱ নিৰ্বাচিত জিলা কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। অন্যহাতে,পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণৰ পাছত ৯ বজাত পতাকা উত্তোলন কৰিব নৱ নিৰ্বাচিত জিলা সভাপতি চেনাৰাম ডেকাই ৷

পুৱা ৯:৩০ বজাত সাংস্কৃতিক ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব উমাকান্ত হাজৰিকাই। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া মুকলি সভা সঞ্চালনা কৰিব নৱনিৰ্বাচিত সভাপতি চেনাৰাম ডেকাই । মুকলি সভাত ড°হেমন্ত কুমাৰ দাস,জ্যোতি প্ৰসাদ ভূঞা,বিধায়কদ্বয় শশী কান্ত দাস,ৰমা কান্ত দেউৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

বিয়লি স্মৃতিগ্ৰন্থ “সচ্চিদানন্দ” উন্মোচন,বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত সাংস্কৃতিক অনুষ্ঠানৰে দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা শাখাৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি পৰিব বুলি জিলা শাখাৰ সাধাৰণ সম্পাদক তোষেশ্বৰ বৰাই জানিব দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in