কবিতা কৰ্মকাৰলৈ ২০২৩ বৰ্ষৰ 'জনকবি মুকুট বিহাৰী সৰোজ স্মৃতি সন্মান'

কবিতা কৰ্মকাৰলৈ ২০২৩ বৰ্ষৰ 'জনকবি মুকুট বিহাৰী সৰোজ স্মৃতি সন্মান'

author-image
Asomiya Pratidin
New Update
কবিতা কৰ্মকাৰলৈ ২০২৩ বৰ্ষৰ 'জনকবি মুকুট বিহাৰী সৰোজ স্মৃতি সন্মান'

ডিজিটেল ডেস্ক : কবিতা কৰ্মকাৰক ২০২৩ বৰ্ষৰ বাবে 'জনকবি মুকুট বিহাৰী সৰোজ স্মৃতি' সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। জনকবি মুকুট বিহাৰী সৰোজ মেম’ৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিযোগে এই তথ্য প্ৰকাশ পাইছে।

ভাৰতীয় কাব্য ইতিহাসৰ এটি উল্লেখযোগ্য নাম মুকুট বিহাৰী সৰোজ। সৰোজে জনজীৱনৰ হ'কে কবিতাৰে বিদ্ৰোহ ঘোষণা কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনকবি আখ্যা লাভ কৰিছিল।

প্ৰতি বছৰৰ দৰে বিশিষ্ট কবিগৰাকীৰ জন্মদিন ২৬ জুলাইত গোৱালিয়ৰত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে । সৰ্বভাৰতীয় পৰ্যায়ৰ এই সন্মান প্ৰথমবাৰৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কবিয়ে লাভ কৰিব।

কবিতা কৰ্মকাৰৰ এই সন্মান প্ৰাপ্তি অসমীয়া কবিতাৰ বাবে এক শুভ সংবাদ। উল্লেখযোগ্য যে, কবিতা কৰ্মকাৰে অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত কবিতা লিখি অহাৰ সমান্তৰালকৈ উক্ত চাৰিওটা ভাষাতেই পেচাগতভাৱে অনুবাদৰ লগত জড়িত ।

ইতিপূৰ্বে কবিগৰাকীৰ অসমীয়া ভাষাৰ দুখন কাব্য সংকলন 'যুদ্ধৰ দিনবোৰত অকলে থাকোঁ', 'ভালপোৱাৰ গুটিমালি পাহি' আৰু বাংলা ভাষাৰ এখন কাব্য সংকলন প্ৰকাশ পাইছে। তাৰোপৰি কবিগৰাকীৰ এখন হিন্দী কবিতা সংকলন প্ৰকাশৰ কামো চলি আছে বুলি জানিব পৰা গৈছে।

তাৰ বাহিৰেও তেওঁৰ ১৭খন অনুবাদ গ্ৰন্থ ভাৰতীয় নেচনেল বুক ট্ৰাষ্ট আৰু সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰিছে আৰু বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰতিষ্ঠিত বহু কাকত আলোচনীত কবিতা আৰু ভ্ৰমণ কাহিনী নিয়মিতভাৱে প্ৰকাশ পাই আহিছে।

এই পৰ্যন্ত ভাৰতৰ বিভিন্ন ভাষাৰ ১৯ গৰাকী কবি ক্ৰমে সীতাকিশোৰ খাৰে (সেনৱধা), নিৰ্মলা পুতুল (ঝাৰখণ্ড), নিদা ফাজলী (মুম্বাই), কৃষ্ণ বাক্ষী (গঞ্জ বাসোদা), আদম গণ্ডৱী (গোণ্ডা), উদয় প্ৰতাপ সিং (দিল্লী-মৈনপুৰী), নৰেশ সক্সেনা (লক্ষ্ণৌ), ৰাজেশ যোশী (ভোপাল), ড° সবিতা সিং (দিল্লী), ৰাম আধিৰ (ভূপাল), প্ৰকাশ দীক্ষিত (গোৱালিয়ৰ), কাত্যয়নী (লক্ষ্ণৌ), মহেশ কাটাৰে ‘সুগম’ (বিনা), শুভা আৰু মনমোহন ( ৰোহটক ) মালিনী গৌতম (গুজৰাট), বিষ্ণু নগৰ (দিল্লী), জাসিন্থা কেৰকেট্টা (ৰাঁছী) আৰু দেৱেন্দ্ৰ আৰ্য্য (গোড়খপুৰ)ক জনকবি মুকুট বিহাৰী সৰোজ সন্মান প্ৰদান কৰা হৈছে।

কবিতা কৰ্মকাৰলৈ আগবঢ়োৱা এই সন্মানক উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ভাষা আৰু সাহিত্যিকসকলৰ প্ৰতি বিশুদ্ধ সন্মান, কৃতজ্ঞতা প্ৰকাশ আৰু তেওঁলোকৰ সৃষ্টিশীলতাৰ প্ৰগতিশীল বিকাশৰ বাবেও এক সুখবৰ ।

Also Read: গুজৰাটত 'বিপৰ্যয়'ৰ তাণ্ডৱ : মূহুৰ্ততে সলনি কেইবাখনো গাঁৱৰ মানচিত্ৰ

literature