ৰঙিয়াত যুৱতীক অশ্লীল প্ৰস্তাৱ দি ৰঙাঘৰৰ আলহী ব্যৱসায়ী...

সংস্থাপনৰ নামত যুৱতীৰ শৰীৰত হাত দিলে ব্যৱসায়ীয়ে
ৰঙিয়াত যুৱতীক অশ্লীল প্ৰস্তাৱ দি ৰঙাঘৰৰ আলহী ব্যৱসায়ী...
ৰঙিয়াত যুৱতীক অশ্লীল প্ৰস্তাৱ দি ৰঙাঘৰৰ আলহী ব্যৱসায়ী...
Published on
Updated on

ডিজিটেল সংবাদ ৰঙিয়াঃ কৰ্ম সংস্থাপন বিচাৰি অহা যুৱতীক অশ্লীল ইংগিত দি ৰঙা ঘৰৰ আলহী হ'ল ৰঙিয়াৰ এগৰাকী মাৰোৱাৰী ব্যৱসায়ী। জানিব পৰা মতে এই অসৎ চৰিত্ৰৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিলৰ পাছতে আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

অভিযোগ অনুসৰি ৰঙিয়াৰ বিমল কুমাৰ ভগত নামৰ ব্যৱসায়ীগৰাকীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংস্থাপন বিচাৰি আহিছিল এগৰাকী যুৱতী। যুৱতীগৰাকীক সংস্থাপন দিয়াৰ বিমিময়ত ব্যৱসায়ীগৰাকীয়ে শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিয়ে। কেৱল সিমানেই নহয়, ধৃত ব্যৱসায়ীগৰাকীয়ে যুৱতীগৰাকীৰ দেহতো স্পৰ্শ কৰে।

ব্যৱসায়ীগৰাকীৰ এনে অসৎ কাৰ্যৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিলৰ পাছতে আজি আৰক্ষীয়ে অসৎ ব্যৱসায়ী বিমল কুমাৰ ভগতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

ৰঙিয়াত যুৱতীক অশ্লীল প্ৰস্তাৱ দি ৰঙাঘৰৰ আলহী ব্যৱসায়ী...
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 'লোক কল্যাণ দিৱস' উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in