সোণৰ কণী পৰা হাঁহ আছে নেকি ? মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চ এৰিব নোখোজে একাংশ আৰক্ষী বিষয়াই

সোণৰ কণী পৰা হাঁহ আছে নেকি ? মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চ এৰিব নোখোজে একাংশ আৰক্ষী বিষয়াই

author-image
Asomiya Pratidin
New Update
সোণৰ কণী পৰা হাঁহ আছে নেকি ? মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চ এৰিব নোখোজে একাংশ আৰক্ষী বিষয়াই

ডিজিটেল ডেস্ক : অসম আৰক্ষীত ব্যাপক বদলিকৰণৰ নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। একেখন জিলাতে একেটা পদত দীৰ্ঘ সময় ধৰি কৰ্মৰত আৰক্ষী জোৱান-বিষয়া বদলিকৰণৰ এই নিৰ্দেশ কাৰ্যতঃ সকলোৰে বাবে কাৰ্যকৰণ হৈছে নে ? সেয়াই এতিয়া আন এক প্ৰশ্ন হৈ পৰিছে।

প্ৰাপ্ত অভিযোগ মতে, গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনস্থ অপৰাধ শাখাত একাংশ আৰক্ষী বিষয়াই নিযুক্তি লাভৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কি সোণৰ কণী পৰা হাঁহ আছে এই পদত ? পৰিদৰ্শক সঞ্জয় বৰগোঁহাই মহানগৰী অপৰাধ শাখাত যোৱা ৫ বছৰ ধৰি কৰ্মৰত আছিল।

শেহতীয়া বদলিকৰণত তেওঁক বদলি কৰা হৈছিল নলবাৰীলৈ। চি আই ডিৰ পৰা ডেপুটেচনত আহি ক্ৰাইম ব্ৰাঞ্চত নিযুক্ত হৈ থকা এই বিষয়াজনে নামানিলে খোদ আৰক্ষী সঞ্চালক প্ৰধানৰে নিৰ্দেশ। নলবাৰীত যোগ নিদি ছুটীত থকা এই বিষয়াজন ব্যস্ত এই বদলিৰ নিৰ্দেশ স্থগিত কৰোৱাত।

খবৰ অনুসৰি গুৱাহাটীৰ কোনো এখন গুৰুত্বপূৰ্ণ থানাত ভাৰপ্ৰাপ্ত বিষয়াৰ পদ দখলৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে বিষয়াগৰাকীয়ে। একেদৰে চি আই ডিৰ পৰা ডেপুটেচনত আহি ৭ বছৰৰো অধিক কাল কৰ্মৰত হৈ আছিল গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত পৰিদৰ্শক উৎপল চাংমাই আৰু জ্যোতিৰ্ময় দত্ত। একেখন জিলাতে ৭ বছৰৰ অধিক কাল কৰ্মৰত বিষয়া বদলিৰ বাবে ডি জি পিয়ে দিয়া নিৰ্দেশ কাৰ্যকৰী হ'ল নে নাই এই দুই বিষয়াৰ ক্ষেত্ৰত ?

পাণবজাৰ আৰু ভৰলুমুখ থানাত এসময়ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পদত কৰ্যনিৰ্বাহ কৰি আছিল পৰিদৰ্শক প্ৰাঞ্জল বৰুৱা। সেই বিষয়াজনো এতিয়া পুনৰ ডেপুটেচনত চি আই ডিৰ পৰা আহি যোগ দিছে মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চত।

অভিযোগ অনুসৰি সঞ্জয়,উৎপল আৰু জ্যোতিৰ্ময় নামৰ এই বিষয়া কেইজনৰ হাতৰ মুঠিত আছে আৰক্ষীৰ উচ্চ পদস্থ কেইবাজনো বিষয়া। গেং-৩ নামে পৰিচিত এইসকল বিষয়া অপৰাধ শাখাত থাকি মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলে কোটিপতি ব্যৱসায়ীৰ সৈতে। তেওঁলোকে কেৱল মুনাফা থকা গোচৰৰ পিচতহে দৌৰে।

ক্ৰিকেটৰ অনলাইন জুৱা বা আন লাখ টকা উপাৰ্জনৰ পথ থকা গোচৰকলৈ ব্যস্ত তেওঁলোক। এনে পৰিস্থিতিত ডি জি পিৰ এই সংস্কাৰ নীতিয়ে চুব পৰা নাই এইসকল ক্ষমতাশালী আৰক্ষী বিষয়াক।

বিষয়টো তদন্ত কৰিলেই আৰক্ষী সঞ্চালক প্ৰধানে গম পাব তেওঁৰ এই সংস্কাৰী পদক্ষেপৰ আঁৰত এইসকল বিষয়াই কি কৰি আছে। হৈছে নে প্ৰকৃতাৰ্থত অসম আৰক্ষীত সংস্কাৰ ? কিয় এইসকল বিষয়াই এৰিব নোখোজে মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চ ? সেই প্ৰশ্নই এতিয়া অসম আৰক্ষীৰ একাংশ সৎ বিষয়াৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।   

Also Read: বজালীত বানপীড়িতৰ দুখ-দুৰ্দশাৰ বুজ ল’লে আম আদমি পাৰ্টীয়ে

Assam police