দোষী এছ আই,কনিষ্টবলক বৰ্খাস্ত কৰক : অপৰাধী আই পি এছ,এ পি এছকো ডি জি পিয়ে ধৰক

দোষী এছ আই,কনিষ্টবলক বৰ্খাস্ত কৰক : অপৰাধী আই পি এছ,এ পি এছকো ডি জি পিয়ে ধৰক

author-image
Asomiya Pratidin
New Update
দোষী এছ আই,কনিষ্টবলক বৰ্খাস্ত কৰক : অপৰাধী আই পি এছ,এ পি এছকো ডি জি পিয়ে ধৰক

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছত গ্ৰহণ কৰা হৈছে ব্যৱস্থা। কিন্তু সেই একেটা বিভাগৰে দুৰ্নীতি আৰু আন গুৰুত্বপূৰ্ণ অভিযোগত অভিযুক্ত শীৰ্ষ বিষয়াৰ বিৰুদ্ধে কিয় গ্ৰহণ কৰা নহয় একেই পদক্ষেপ ? এই প্ৰশ্ন তথ্য সহকাৰে উত্থাপন কৰিলে ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এ পি এছ চিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই।

দেওবাৰে আয়োজন কৰা এক সংবাদমেলত মানস প্ৰতীম বৰুৱাই তথ্য সহকাৰে তেনে কেইবাটাও উদাহৰণ দাঙি ধৰে। অসম আৰক্ষীক নিকা আৰু সংস্কাৰমুখী কৰাত বিভাগটোৰ শীৰ্ষ মহলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ নকৰিলে সেয়া সম্ভৱ নহয় বুলি তেওঁ কয়।

বৰুৱাৰ মতে, বিমান ৰয়ৰ বিৰুদ্ধে প’ছকো আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাল কথা। কিন্তু একেই ব্যৱস্থা কিয় তদানীন্তন কাৰ্বিআলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ ক্ষেত্ৰত কিয় লোৱা নহ’ল ? সেইজন বিষয়াক বৰঞ্চ ফৰেন্সিক বিজ্ঞানগাৰৰ সঞ্চালক পতাৰ বাবেহে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল। অৱশ্যে ন্যায়ালয়ৰ হস্তক্ষেপত সেই পৰিকল্পনা সফল নহ’ল।

ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এ পি এছ চিৰ আন এক গুৰুতৰ অভিযোগ, অসম আৰক্ষীৰ বৰ্তমানৰ বিশেষ সঞ্চালক প্ৰধান এছ এন সিঙৰ বিৰুদ্ধে আছে ধন দাবীৰ অভিযোগ। লখৰাৰ কেইবাজনো ব্যক্তিক ভুৱা গোচৰত কৰায়ত্ব কৰি ধন দাবী কৰিছিল বুলি সেই সময়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা এছ টি এফৰ মুৰব্বী সিঙৰ বিৰুদ্ধে অভিযোগ উঠিছিল।

এই অভিযোগ তদন্তৰ বাবে ২০১৭ চনৰ জুনত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰা হৈছিল। বিভিন্ন সূত্ৰৰ পৰা সেই ভয়ংকৰ অভিযোগৰ মূল দোষী হিচাপে ন্যায়িক তদন্ত আয়োগে এছ এন সিঙ আৰু উপ-পৰিদৰ্শক দিপালী বৰুৱাৰ নাম উল্লেখ কৰা বুলি জানিব পৰা গৈছে। অথচ এই অপৰাধৰ আয়োগৰ প্ৰতিবেদন আজিলৈ কাৰ্যকৰীকৰণ বা ইয়াৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ল।

আন এগৰাকী আই পি এছ বিষয়া আনন্দ প্ৰসাদ তিৱাৰীৰ নাম ৭৭১জন এ এছ টি চি কৰ্মচাৰীক অবৈধভাৱে দিয়া নিযুক্তিত সাঙোৰ খাইছিল। চৰকাৰে অবৈধ নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক বৰ্খাস্ত কৰিলে। অথচ এই নিযুক্তি কেলেংকাৰীৰ খলনায়ক হিচাপে অভিযুক্ত তিৱাৰীৰ বিৰুদ্ধে লোৱা নাই কোনো ব্যৱস্থা।

বৰুৱাই সোণ চুৰি আৰু সোণৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগত চৰ্চিত ৩জন উপ-পৰিদৰ্শকৰ সন্দৰ্ভতো বিস্ফোৰক তথ্য পোহৰলৈ আনে। দিছপুৰ থানাৰ সোণ চুৰিৰ সৈতে জড়িত উপ-পৰিদৰ্শক নিপু কলিতা,ৰাজধানী এক্সপ্ৰেছৰ সোণ আৰু ধন লুট কাণ্ডৰে গ্ৰেপ্তাৰ হোৱা সহকাৰী উপ-পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা আৰু চোৰাং সোণৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বদ্ৰী প্ৰসাদ বাৰুৱটী প্ৰসংগতো প্ৰশ্ন তোলে।

ইয়াৰ ভিতৰত অতি শেহতীয়াকৈ নিপু কলিতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ল যদিও বাকী দুজনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী বিভাগে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল অসম আৰক্ষীত অপৰাধৰ ছিণ্ডিকেট গঢ়াৰ অভিযোগত অভিযুক্ত বাৰুৱটীৰ নিযুক্তিয়ে আছিল অবৈধ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৪ চনত এক ৰায়যোগে বদ্ৰী প্ৰসাদসহ অসম আৰক্ষীত নিযুক্ত মুঠ ১৯জনৰ নিযুক্তি অবৈধ বুলি ৰায় দিছিল। ইয়াৰ ঠাইত আন ১৯জনক নিযুক্তি দিয়া হয় যদিও ৰাজ্যৰ গৃহ বিভাগৰ শক্তিশালী চক্ৰক মেনেজ কৰি এই ১৯জনে অসম আৰক্ষীত আজিও চাকৰি কৰি আছে। শেহতীয়াকৈ তিনিচুকীয়া তেল চুৰি চক্ৰৰ সৈতে নাম সাঙোৰ খোৱা এ পি এছ বিষয়া হিৰণ্য কুমাৰ বৰাক ৰিজাৰ্ভ ক্ল’জ কৰিয়েই দায়িত্ব সামৰিলে।

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ক্ষেত্ৰতো দোষী সাব্যস্ত কৰা ঠগ-প্ৰবঞ্চনাৰে বাচনিভুক্ত হোৱা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি তেনে বিষয়াক চৰকাৰে পদোন্নতিসহ পুৰস্কৃতহে কৰিছে। সেই বিষয়াৰ নামেই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু কাণ্ডৰে উচ্চাৰিত হৈছে। ৰোণা নেওগ-ৰূপজ্যোতি কলিতা ইয়াৰ উদাহৰণ।

সাতগাঁৱত মাতৃ আকু কন্যাক বলৎকাৰৰ দৰে গোচৰ গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত বিষয়া নিলোৎপল ডেকাৰ শাস্তিমূলক বদলি দিয়েই দায়িত্ব সামৰা হৈছে।

ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এ পি এছ চিৰ হৈ মানস প্ৰতীম বৰুৱাই অসম আৰক্ষী সঞ্চালক প্ৰধানক এইসকল উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে কিয় কঠোৰ স্থিতি ল’ব পৰা নাই বুলি প্ৰশ্ন তুলিছে। তেওঁ কয় দুৰ্নীতিগ্ৰস্থ বা ঘৃণনীয় অপৰাধত অভিযুক্ত বিষয়াৰ সমান্তৰালকৈ যদি এই ধৰণৰ ঠগ-প্ৰবঞ্চনাৰে বাচনিভুক্ত ভুৱা বিষয়াৰ বিৰুদ্ধেও অসম আৰক্ষী তথা অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে,তেনেহ’লে অসম চৰকাৰ তথা অসম আৰক্ষীৰ শেহতীয়া পদক্ষেপ কেৱল খেনোক দেখি ৰান্ধে-বাঢ়ে,খেনোক দেখি দুৱাৰ বান্ধে নীতিহে হৈ পৰিব।

Also Read: বঢ়মপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসঃ ১০ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা...

Assam police