অভিলেখ সংখ্যক ৩০ কোটিৰ মদ বিক্ৰী হ'ল গুৱাহাটীতঃ সংঘটিত হ'ল শতাধিক দুৰ্ঘটনাও
অভিলেখ সংখ্যক ৩০ কোটিৰ মদ বিক্ৰী হ'ল গুৱাহাটীতঃ সংঘটিত হ'ল শতাধিক দুৰ্ঘটনাও

অভিলেখ সংখ্যক ৩০ কোটিৰ মদ বিক্ৰী হ'ল গুৱাহাটীতঃ সংঘটিত হ'ল শতাধিক দুৰ্ঘটনাও

পূজাৰ দিন কেইটাত ৰাজ্যত মুঠ ৮৪৩ টা পথ দুৰ্ঘটনা
Published on

ডিজিটেল ডেস্কঃ অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যজুৰি অতি উলহ মালহেৰে অনুষ্ঠিত হৈ যোৱা দুৰ্গা পূজাত তিথি অনুসৰিয়েই একাংশই শনিবাৰেই বিজয়া দশমী পালন কৰাৰ বিপৰীতে অধিকাংশই দেওবাৰে বিজয়া দশমী পালন কৰি দেৱীক বিসৰ্জন দিলে।

ষষ্ঠিৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি এই গোটেই সময়ছোৱাত আনন্দ উল্লাসৰ মাজতেই ১০৮ মৃত্যুঞ্জয় কৰ্তৃপক্ষৰ মতে এইবাৰ ৰাজ্যত মুঠ ৮৪৩ টা পথ দুৰ্ঘটনা সংঘটিত হ’ল। ইয়াৰে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হয় শোণিতপুৰ জিলাত। আনহাতে মাত্ৰ ২ টা পথ দুৰ্ঘটনাৰে দুৰ্ঘটনাৰ ভয়াৱহতাৰ পৰা বহু পৰিমাণ আঁতৰত থাকিল দক্ষিণ শালমৰা মানকাচৰ জিলা।

আনহাতে গুৱাহাটী মহানগৰীত শনি আৰু দেওবাৰৰ বিসৰ্জনৰ দিন দুটাতে সংঘটিত হয় শতাধিক দুৰ্ঘটনা। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই দুদিনত মুঠ ১২০ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছে।

ইয়াৰে ১১২ জন পুৰুষ আৰু ৮ গৰাকী মহিলা। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হোৱা এই ১২০ জন লোকৰ ভিতৰত ৫৯ গৰাকী লোক গুৱাহাটী মহানগৰৰ মাজত আৰু ৬১ জন লোক মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চলত দুৰ্ঘটনাত পতিত হৈছে।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই আজি সাংবাদিকৰ আগত উল্লেখ কৰা মতে ১২ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১৪ অক্টোবৰৰ পুৱা ৮ বজালৈ ৪৮ ঘণ্টাত ১২০ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীৰ বাহিৰৰ ৬১ জন লোক চিকিৎসাধীন হৈছে আৰু গুৱাহাটীৰ ভিতৰত ৫০ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছে।

ডাঃ শৰ্মাই উল্লেখ কৰা অনুসৰি ইয়াৰে অধিকাংশকে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে যদিও ২৪ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। ইতিমধ্যে এইসকলৰ ভিতৰত এজনে প্ৰাণ হেৰুৱাইছে।

অৱশ্যে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলিও কৈছে। তেওঁৰ মতে দুৰ্ঘটনাত পতিত হোৱা ৮১ জনৰে বয়স হৈছে ২০ ৰ পৰা ৪০ বছৰৰ বয়সৰ ভিতৰত।  

মন কৰিবলগীয়া যে, এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ছোৱাত অভিলেখ সংখ্যক সুৰা বিক্ৰী হৈছে গুৱাহাটী মহানগৰীত। পূজাৰ ৪ টা দিনত গুৱাহাটীত প্ৰায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে।

সুৰা বিক্ৰীৰ এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছিল যদিও দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ বাবে সুৰাৰ দোকানসমূহ বন্ধ থকাত মুঠ ৩০ কোটিৰ সুৰা বিক্ৰী হয়। অন্যথা এই সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল।

ইয়াৰ পূৰ্বে গুৱাহাটীত ২০২২ ত ১৬.৮০ কোটি, ২০২৩ বৰ্ষত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল পূজাৰ দিন কেইটাত। কিন্তু এইবাৰ গুৱাহাটীত প্ৰায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈ এক অভিলেখ গঢ়িছে।

অৱশ্যে পূজাত গুৱাহাটীত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ ভিতৰত সুৰা সেৱন কৰি সংঘটিত হোৱাৰ ঘটনাৰ সংখ্যা অতি সীমিত। গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাৰ মতে যানজঁটৰ সমস্যা জনিত কাৰণতে সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যা সৰ্বাধিক। তেওঁৰ মতে এইবাৰ গুৱাহাটীত দুৰ্ঘটনাৰ সংখ্যাও পূৰ্বতকৈ হ্ৰাস পাইছে।

অভিলেখ সংখ্যক ৩০ কোটিৰ মদ বিক্ৰী হ'ল গুৱাহাটীতঃ সংঘটিত হ'ল শতাধিক দুৰ্ঘটনাও
আৰক্ষী বিষয়াৰ ভুৱা পৰিচয়ৰে গৰু বেপাৰীৰ পৰা ধন সংগ্ৰহ শিক্ষকৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in