পঞ্চায়ত নিৰ্বাচন : অগ্নি পৰীক্ষা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ...

পঞ্চায়ত নিৰ্বাচন : অগ্নি পৰীক্ষা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ...
Published on
Updated on

ডিজিটেল ডেস্ক: সন্মুখত পঞ্চায়ত নিৰ্বাচন। সাজু হৈছে শাসকীয় বিজেপি, আশাবাদী হৈ আছে বিৰোধী শিবিৰ। সমান্তৰালভাৱে পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণৰ কাম চলিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বাবে হ’ব অগ্নি পৰীক্ষা সদৃশ।

কিয়নো শেহতীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছে ১৪খন আসনৰ ভিতৰত ৩খন আসনত জয়ী হ’লেও ভোটৰ শতকাৰা হাৰত বিজেপিত কৈ আগবাঢ়ি আছে কংগ্ৰেছ। লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৩৭.৪৮ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৩৭.৪০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।

এই ফলাফল পঞ্চায়ত নিৰ্বাচনত প্ৰতিফলিত হ’লে সেয়া বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। সময় অনুসৰি ২০২৪ৰ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।

ইতিমধ্যে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে গঠন কৰা হৈছে কমিটি। এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অকলে খেলাৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পঞ্চায়ত নিৰ্বাচন অৰাজনৈতিক হ’ব বুলি ঘোষণা কৰিলেও নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক- বিৰোধী উভয়ে।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ডেভলপমেণ্ট ব্লকসমূহলৈ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হ’ব। গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছে যে নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন।

কোনো জিলা পৰিষদ যাতে দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰিষদসমূহৰ সীমা নিৰ্ধাৰণ কৰিব চৰকাৰে। আগষ্ট মাহৰ ভিতৰত নতুন পঞ্চায়তৰ সীমা নিৰ্ধাৰণ সম্পূৰ্ণ হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। ছেপ্তেম্বৰত পঞ্চায়তৰ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ কথা।

পঞ্চায়ত নিৰ্বাচন : অগ্নি পৰীক্ষা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ...
গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in