১১৮ বছৰীয়া কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সঞ্চালকৰ দায়িত্ব ল'লে এগৰাকী মহিলাই

১১৮ বছৰীয়া কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সঞ্চালকৰ দায়িত্ব ল'লে এগৰাকী মহিলাই
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ ১১৮ বছৰীয়া কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সঞ্চালকৰ দায়িত্ব ল'লে এগৰাকী মহিলাই।উত্তৰাখণ্ডৰ মহিলা IFS সোণালী ঘোষে নেতৃৃত্ব বহন কৰিব কাজিৰঙাৰ।

১১৮ বছৰীয়া কাজিৰঙাৰ বাবে এটা ঐতিহাসিক ক্ষণ।অতীতৰ কাজি ৰংহাংপিক চোৱাচিতা কৰিব এগৰাকী মহিলাই।পুুনৰ সজীৱ হৈ উঠিছে কাজিৰঙাৰ মহিলা কানেকচন।এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।কাজিৰঙা কেৱল অসমৰেই নহয় সমগ্ৰ দেশৰেই গৌৰৱ।

এইখন কাজিৰঙাৰে ক্ষেত্ৰ সঞ্চালকৰ দায়িত্ব প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিলে এগৰাকী মহিলা বন বিষয়াই‌।নাম সোণালী ঘোষ।উল্লেখ্যে যে আজিৰ কাজিৰঙা কাজিৰঙা হিচাপে উজলি উঠাত মহিলাৰ আছে বিশেষ ভূমিকা।এক কাহিনী অনুসৰি কাজিৰঙা নামৰ আৰম্ভণি হৈছিল কাৰ্বি জনগোষ্ঠীৰ মহিলা কাজিৰ ৰংহাংপিৰ নামেৰে।আনহাতে কাজিৰঙাত প্ৰথম গঁড় দেখাৰ সৌভাগ্য হৈছিল লেডী কাৰ্জনৰ।

লেডী কাৰ্জনেই কাজিৰঙা সুৰক্ষাৰ কথা সোৱৰাইছিল স্বামী লৰ্ড কাৰ্জনক আৰু যেন সেইয়াই আছিল কাজিৰঙাৰ আৰম্ভণি।১৯০৫ চনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়। বহু ঘাত-প্ৰতিঘাত,প্ৰত্যাবান নেওচি আজিৰ পৰ্যায়ত উপনীত হোৱা কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰিছে IFS সোণালী ঘোষে। ২০০২ চনত কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলতেই আৰম্ভ হৈছিল সোণালী ঘোষৰ চাকৰি জীৱন।

তেওঁ কয় কাজিৰঙাত বনকৰ্মীৰ জীৱন প্ৰত্যাহবানমূলক। ইপিনে সোণালী ঘোষক আদৰণি জনাই কাজিৰঙাৰ ৰাইজে।পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানত ডেপ্যুটি ডাইৰেক্টৰ হিচাপে কৰ্মৰত আছিল সোণালী ঘোষ। ইণ্ডো-ভূটান লেণ্ডস্কেপৰ বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিত দেখুৱাইছিল সোণালী ঘোষে।

সোণালী ঘোষৰ আগমনে কাজিৰঙালৈ নতুনত্ব আনিব বুলি বুলি কয় টুৰিষ্ট গাইড তথা পৰ্যটন উদ্যোগী বিতুপন কলঙে। উল্লেখ্যে যে কাজিৰঙাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাত যথেষ্ট অৰিহণা আছে মহিলা বন বিষয়া, বনকৰ্মীৰ।কাজিৰঙাত বিশেষ গঁড় সুৰক্ষা বাহিনী,প্ৰথম বনপালকৰ লগতে বহু শাখাত কৰ্মৰত হৈ আছে যুৱতী-মহিলা।প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰাত সেয়েহে এতিয়া উৎফুল্লিত সকলো।

১১৮ বছৰীয়া কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সঞ্চালকৰ দায়িত্ব ল'লে এগৰাকী মহিলাই
বিশ্বনাথত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমছু'ৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in