ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি আহিনৰ পহিলা দিন ৷ আহিনৰ লগে লগে আগমণ ঘটিল ঋতুৰাণী শৰতৰ। আহিনৰ আগমণ, আকাশত শুকুলা মেঘ, পথাৰত সেউজীয়া ধাননি, নৈ পাৰৰ শুভ্ৰ কহুঁৱা। কি যে এক সুন্দৰ সুৱাস! আহিন মানেই যেন এক সুকীয়া অনুভূতি। আহিন মানেই যেন শৰৎ।
আহিনৰ লগতেই আহে দুৰ্গোৎসৱ। আহিনক কোনে আনে? নিয়ৰে ক’লেহি- শেৱালিয়ে, আৰু শেৱালিয়ে ক’লে- নিয়ৰে আনে ৷দুবৰিয়ে ক’লে কোমল হাঁহিৰে- দুয়োজনে, দুয়োজনে। কিন্তু আহিনক আনে কোনে? আহিন কেৱল এটা মাহ জানো? আহিন মানেই জানো এক আৱেগ নহয়! আহিনৰ সুকোমল বোকোচাত কি থাকে? হাজাৰ আশা, হেঁপাহৰ, সপোনৰ ৰাগিৰে আহিনে বোকোচাত কঢ়িয়ায় ভৱিষ্যতৰ সোণালী সপোন। অসমীয়া সমাজৰ জন-জীৱনৰ এটা মধুময় সময় এই আহিন।
ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হয় সময় ৷প্ৰতিটো ঋতুৰে থাকে সুকীয়া সৌন্দৰ্য্য, মনপৰশা মাদকতা ৷সেয়েহে শৰতৰ সুবাস লৈ আকৌ আহিল হেঁপাহৰ আহিন। দুৱৰিৰ দলিছাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে আহিনমহীয়া সুবাস। আহিন মানেই যেন শৰতৰ আগমন আৰু শৰৎ মানেই সৃষ্টিৰ সঁফুৰা।গ্ৰীষ্মৰ আঁচলত ধৰি আহিছে আহিন, আহিছে শৰৎ।
গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত দগ্ধ প্ৰকৃতিৰ বুকুত যাদুকৰী তুলিকাৰে স্নিগ্ধ পৰশ সানিছে ঋতুৰাণী শৰতে। শান্ত-সমাহিত স্ৰোতস্বিনীৰ পাৰত হালিছে আলফুল কঁহুৱা, দুৱৰি শুৱাই তলসৰা শেৱালিৰ শুভ্ৰ পাহিত জিলিকিছে নিয়ৰৰ মুকুতা। কবিৰ ভাষাত নীলাভ হৈ উজ্বলিছে আকাশ ৷ প্ৰেম হৈ ফুলিছে শেৱালি ৷চিত হৈ নাচিছে কঁহুৱা৷আহিনৰ চোতাল ওপচাই ধৰালৈ আহিছে শৰৎ ৷
Also Read: মথুৰাপুৰত উলহ- মালহেৰে গনেশ চতুৰ্থী পালন